স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আলফা(স্বা)ৰ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি

A

নিউজ ডেস্ক :


দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত সংযুক্ত মুক্তি বাহিনী, অসমৰ গুৰুত্বপূৰ্ণ ঘোষণা।৩মহীয়া একপক্ষ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে আলফা স্বাধীনে।সশস্ত্ৰ সংগঠনটোৱে তিনিমাহলৈ পুনৰ বৃদ্ধি কৰিছে যুদ্ধ বিৰতি।এই কথা বিবৃত্তিৰ জৰিয়তে উল্লেখ কৰিছে সংগঠনটোৱে।

উল্লেখ্য যে যোৱা ১৫মে'ত  তিনিমাহৰ  বাবে যুদ্ধ বিৰতি ঘোষণা কৰিছিল সংগঠনটোৱে।ক'ৰনা পৰিস্থিতিৰ বাবে সংগঠনটোৱে সকলো সামৰিক অভিযান স্থগিত ৰাখিছিল।

আনহাতে, তিনিদিন পূৰ্বে সশস্ত্ৰ সংগঠনটোৱে এইবাৰৰ দেশৰ স্বাধীনতা দিৱসত কোনো বন্ধ ঘোষণা নকৰে বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল।

Your Comments