ক'ভিশ্বিল্ড ভেকচিনৰ তৃতীয় ড'জ লোৱাৰ পৰামৰ্শ প্ৰস্তুতকাৰী সন্থাৰ

A

নিউজ ডেস্ক :

ক'ৰনা প্ৰতিষেধক ক'ভিশ্বিল্ডৰ দুটা ড'জ লোৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ।ছমাহৰ ভিতৰত তৃতীয় ড'জ লোৱাৰ পৰামৰ্শ প্ৰস্তুতকাৰী সন্থাৰ।চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চেয়াৰমেন ছাইৰাছ পুনাৱালিয়াই কয়- প্ৰথম-দ্বিতীয় ড'জ লোৱাৰ মাজত ২মাহ ব্যৱধান হোৱা উচিত আৰু দ্বিতীয় ড'জ লোৱা ৬মাহৰ পাছত তৃতীয় ড'জ দিব পৰা যায়।


উল্লেখ্য যে ইতিমধ্যে চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ৮ হাজাৰ কৰ্মচাৰীক প্ৰদান কৰা হৈছে তৃতীয় ড'জ।

চেয়ামেন গৰাকীয়ে প্ৰকাশ কৰা মতে - 'ছমাহৰ পাছত এন্টিবডি কমি যায়।যাৰ বাবে তৃতীয় ড'জ লৈছো'।

উল্লেখ্য যে দেশৰ লগতে সমগ্ৰ ৰাজ্যত অধিকসংখ্যক ক'ভিশ্বিল্ড ভেকচিন প্ৰদান কৰা হৈছে।

Your Comments