লাভলীনাক প্ৰদেশ কংগ্ৰেছৰ সম্বৰ্ধনা

A

নিউজ ডেস্ক:

অলিম্পিক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোঁহাইক অসম প্ৰদেশ কংগ্ৰেছৰ সম্বৰ্ধনা।হোটেল ৰেডিছন ব্লু'ত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই সম্বৰ্ধনা জনায় ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ গৰাকীক।
ফুলৰ থোপা, জাপি, শৰাই আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে প্ৰদেশ কংগ্রেছে।

উল্লেখ্য যে  হোটেল ৰেডিছন ব্লু'ত অসম কন্যা গৰাকীক সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰমুখ্যে একাংশ বিধায়কে জনায় সম্বৰ্ধনা।

গুৰুত্বপূৰ্ণ কথা এই যে বৃহস্পতিবাৰে বক্সাৰগৰাকীয়ে নৈশ আহাৰ গ্ৰহণ কৰিব ৰেডিছন ব্লুত।

Your Comments