চলিত বৰ্ষৰ ১৫ আগষ্টত বন্ধ ঘোষণা নকৰে আলফা(স্বা)য়ে, কিন্তু কিয় পঢ়ক

A

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী অসমৰ পূৰ্বৰ পৰম্পৰা ভংগ।দেশৰ স্বাধীনতাৰ দিৱসত বন্ধ নিদিয়ে আলফা(স্বাধীন)৷চলিত বৰ্ষৰ এই সিদ্ধান্ত আলফা(স্বাধীনৰ)।উল্লেখ্য যে  ক’ভিড পৰিস্থিতিৰ বাবে শিথিলতা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে সংগঠনটোৱে।

বুধবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এই সন্দৰ্ভত বিবৃত্তি।

ক'ৰনা বিধি মানি চলাৰ আহ্বান আলফাৰ।গুৰুত্বপূৰ্ণ কথা আলফা স্বাধীনৰ জন্মৰ পাছৰে পৰা দেশৰ স্বাধীনতা দিৱস বৰ্জনেৰে উক্ত দিনটোত অসম বন্ধ ঘোষণা কৰি আহিছিল।কিন্তু চলিত বৰ্ষত তাৰ ব্যতিক্ৰম।

আনহাতে আলোচনা সন্দৰ্ভত কয় যে- লক্ষ্য-উদ্দেশ্যৰ পৰা দূৰত্ব বজাই  ৰখা আলোচনা প্ৰক্রিয়াক স্বীকৃতি দিয়া নহয়।

Your Comments