সৰ্বানন্দ সোণোৱালৰ সৈতে আহাৰ গ্ৰহণ কৰিলে লাভলীনাই

A

নিউজ ডেস্ক:


দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আহাৰ গ্ৰহণ কৰিলে অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।প্ৰায় এবছৰৰ মূৰত ঘৰৰ আহাৰ খাই আনন্দিত লাভলীনা।

উল্লেখ্য যে  টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লাভলীনা দুদিন পূৰ্বে দেশত উপস্থিত হৈছেহি।

বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে দিল্লীত সম্বৰ্ধনা জনায় গোলাঘাটৰ জীয়ৰী লাভলীনাক।

পৰৱৰ্তী সময়ত আৰু আগবাঢ়ি যোৱাৰ বাবে সোণোৱালে শুভেচ্ছা জনায় লাভলীনাক।

হাঁহি-ফুৰ্তিৰ মাজেৰে দেখা গ’ল আহাৰ গ্ৰহণ কৰা।উল্লেখ্য যে কন্যা লাভলীনাৰ সৈতে পিতৃ টিকেন বৰগোঁহায়ো উপস্থিত থাকে।B

Your Comments