সংক্ষিপ্ত খবৰ

সংক্ষিপ্ত খবৰ

●দেশৰ পৰৱৰ্ত্তী লোকসভা নিৰ্বাচনত ভোটদান কৰিব ১৩ কোটি নতুন ভোটাৰে । ২৮ কোটি ভোটাৰৰ বয়সৰ সীমাৰেখা হ'ব ১৮ ৰপৰা ২৫ বছৰৰ ভিতৰত । সকলো দলৰে লক্ষ্য হ'ব এই ২৮ কোটি ভোটাৰ ।

● দেশত দ্ৰুত হাৰত বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ-পলিউচন আণ্ডাৰ কণ্ট্ৰল(পি ইউ চি) প্ৰমাণপত্ৰ অবিহনে গাড়ীৰ বীমা নহ'ব ।

●নতুন দিল্লীত অনুষ্ঠিত উত্তৰ-পূৱ আনাৰস উৎসৱত ত্ৰিপুৰাৰ কুইন  আনাৰসে পাইছে ব্যাপক সমাদৰ। উত্তৰ পূৰ্বাঞ্চলৰ আনাৰস সম্পূৰ্ণ প্ৰাকৃতিক আৰু সোৱাদ সবাতোকৈ বেছি ।

●আমেৰিকা-চীনৰ বাণিজ্যিক যুদ্ধৰ পৰিণতিত লাভৱান্ৱিত হোৱাৰ দিশে ভাৰত । ভাৰতলৈ তেল সৰবৰাহ কৰিব আমেৰিকাৰ তৈল প্ৰতিষ্ঠানে ।
●দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ প্ৰসংগত আলোচনা আৰম্ভ । সমাজবাদী পাৰ্টি আৰু টি আৰ এছে সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে ডি এম কেৰ বিৰোধিতা ।

●লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে পতাৰ পোষকতা অসমৰ  বি পি এফ দলৰ । স্থানীয় নিগম-নিকায়সমূহৰো নিৰ্বাচন একেলগে পাতিলে সময় আৰু অৰ্থ ব্যয় কমিব । এই বুলি কেন্দ্ৰীয় চৰকাৰক জনাইছে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ।

●'আজকাল' কাকতত 'অসমীয়া বাঙালীৰ শৰশৰ্যা' শীৰ্ষক নিবন্ধ লিখা তপোধীৰ ভট্টাচাৰ্যৰ বিৰুদ্ধ দিছপুৰ থানাত গোচৰ । ভট্টাচাৰ্যৰ প্ৰৰোচনামূলক বক্তব্য‌ই ইতিমধ্যে অসমত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
● মুকেশ হুণ্ডাই ছাৰ্ভিচিং চেণ্টাৰত থলুৱা কৰ্মচাৰীক নিৰ্যাতন চলোৱাৰ অপৰাধত স্বত্বাধিকাৰী ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ । 

●সৌৰ শক্তি আঁচনিৰ নামত অসমত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । কংগ্ৰেছৰ দিনতে আৰম্ভ হোৱা এই কেলেংকাৰী বৰ্তমানেও অব্যাহত ।

●মৰিগাঁৱত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশন । অনুসূচিত জাতিৰ বাবে স্বায়ত্ব শাসনৰ দাবী, আৰ্থ-সামাজিক উত্তৰণৰ জড়িয়তে সম-মৰ্যাদা অৰ্জনত গুৰুত্ব ।

Your Comments