মঙলবাৰৰ পৰা ৰাজ্যত ক'ভিডৰ নতুন নিৰ্দেশনা, পঢ়ক

A

নিউজ ডেস্ক:

ৰাজ্যত ক'ৰনাৰ নতুন নিৰ্দেশনা।মঙলবাৰৰ পৰা প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।বঙাইগাঁৱত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

পুৱা ৫বজাৰ পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা।ৰাজ্যত বিয়লি ৬বজাৰ পৰা পুৱা ৫বজালৈ বাহাল থাকিব সান্ধ্য আইন।খোলা থাকিব সকলো চৰকাৰী কাৰ্যালয়-কৰ্মক্ষেত্ৰ।

বিয়লি ৫বজালৈ দোকান-পোহৰ খোলাৰ অনুমতি।

আনহাতে আন্তঃজিলা যাতায়ত পূৰ্ব দৰে বন্ধ থাকিব।


ইফালে অন্য নিয়মসমূহ পূৰ্বৰ দৰে বাহাল থাকিব।ৰাজহুৱা স্থানত মাক্স পৰিধান কৰা বাধ্যতামূলক।বিবাহ আৰু মৃত সৎকাৰত ১০জনত কৈ অধিক লোকৰ সমাৱেশত বাধা ।

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে মহন্তই ।

Your Comments