অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰা ক'ভিডত আক্রান্ত

A

নিউজ ডেস্ক:

অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা ক'ৰনাত আক্রান্ত।অসম গণ পৰিষদৰ সভাপতি গৰাকীয়ে ক'ভিডত আক্রান্ত হোৱাৰ কথা আনুষ্ঠানিক ভাৱে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

উল্লেখ্য যে চলিত অসম বিধানসভা বাজেট অধিৱেশনৰ পৰা আৰম্ভ কৰি চৰকাৰৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল মন্ত্ৰী বৰা।

আনহাতে দুদিন পূৰ্বে মিজোৰাম চৰকাৰ আৰু ছাত্ৰ সংগঠনৰ সৈতে অসম-মিজোৰাম শেহতীয়া সংঘাত সন্দৰ্ভত আলোচনাত বহিছিল।

ইফালে ক’ভিডত আক্রান্তৰ পাছতে বৰাই সংস্পৰ্শলৈ অহা সকলোকে সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান জনায়।B

Your Comments