টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদক নিৰজ চোপ্ৰাৰ জৰিয়তে

A

নিউজ ডেস্ক:

টকিঅ' অলিম্পিকত প্ৰথমটো সোণৰ পদক ভাৰতৰ।জেবলিং থ্রত সোণৰ পদক  দখল কৰে নিৰজ চোপ্ৰাই।
৮৭.৫৮মিটাৰ দূৰত্ব অতিক্ৰম কৰি ভাৰতীয় এথলেটিক্স গৰাকীয়ে ৰচিলে ইতিহাস।উল্লেখ্য যে প্ৰথম প্ৰচেষ্টাত ৮৭.০৩ মিটাৰ অতিক্ৰম কৰিছিল নিৰজে।

১৯৯৭চনৰ ডিচেম্বৰত জন্মগ্ৰহণ কৰা এথলেটিক গৰাকী ভাৰতীয় সেনা বাহিনীৰ বিষয়া।২০১৮চনত এছিয়ান গেমছত ৮৮.০৬ মিটাৰ জেবলিং থ্র কৰি লাভ কৰিছিল সোণৰ পদক।

তাৎপৰ্যপূৰ্ণ অলিম্পিকত ব্যক্তিগত শাখাত সোণৰ পদক লাভ কৰা নিৰজ ভাৰতৰ দ্বিতীয় গৰাকী খেলুৱৈ।পূৰ্বে অভিনৱ বীন্দ্ৰাই বেইজিং অলিম্পিকত সোণৰ পদক লাভ কৰিছিল।B

Your Comments