ঐতিহাসিক ক্ষণৰ সাক্ষী ৰাজ্য: টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক গ্ৰহণ লাভলীনাৰ

A

নিউজ ডেস্ক:

ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ৰাজ্যবাসী।অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহায়ে গ্ৰহণ কৰিলে টকিঅ’ অলিম্পিকৰ পদক।শনিবাৰে গ্ৰহণ কৰে এই পদক।

উল্লেখ্য যে অলিম্পিকত প্ৰথমগৰাকী পদক বিজয়ী অসমীয়া লাভলীনা।আনহাতে অসমৰ পৰা অলিম্পিক খেলা প্ৰথমগৰাকী মহিলা আছিল গোলাঘাটৰ জীয়ৰী লাভলীনা।

টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত ৬৯কেজি শাখাত অৱতীৰ্ণ  হৈছিল।চেমিফাইনেলত তুৰ্কী প্ৰতিপক্ষৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দেশৰ বাবে দখল কৰে লাভলীনাই।

Your Comments