টকিঅ'ত ইতিহাস:অলিম্পিকৰ চেমি ফাইনেলত প্ৰৱেশ অসম কন্যা লাভলীনা বৰগোঁহাইৰ

A

নিউজ ডেস্ক : 
টকিঅ' অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত জয়ী অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।কোৱাৰ্টাৰ ফাইনেলত চীনৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি চেমিফাইনেলত প্ৰৱেশ অসম কন্যা গৰাকীৰ।

চাইনীজ টাইপেইৰ এন চি চেনক পৰাস্ত কৰিছে গোলাঘাটৰ জীয়ৰী লাভলীনাই।

মহিলা ৬৯কেজি শাখাত অৱতীৰ্ন হৈছে লাভলীনা।

৪-১বৃহৎ ব্যৱধানত জয়ী লাভলীনাৰ।উল্লেখ্য যে পূৰ্বতে চীনৰ প্ৰতিদ্বন্দী গৰাকীৰ হাতত বহুবাৰ পৰাস্ত হৈছিল লাভলীনা।

ইফালে কোৱাৰ্টাৰ ফাইনেলত জয়ী হোৱাৰ পাছতে অলিম্পিকৰ পদক লাভ কৰাটো নিশ্চিত হৈছে লাভলীনাৰ।

Your Comments