বানপানীত বিধ্বস্ত ইউৰোপ। মৃত্যুৰ মিছিল জার্মানী-বেলজিয়ামত। উদ্বেগ প্রকাশ কৰিছে দেশৰ চেন্সেলৰ আৰু ৰাষ্ট্ৰপতিয়ে।
জার্মানী, নেদাৰলেণ্ড, বেলজিয়াম-সহ ইউৰোপৰ বিভিন্ন দেশ বানপানেত ক্ষতিগ্রস্ত। বানপানীত এই পর্যন্ত জার্মানী আৰু বেলজিয়াম মিলি মৃত্যুৰ সংখ্যা ১৫০লৈ বৃদ্ধি পাইছে। সকলোতকৈ অধিক ক্ষতিগ্রস্ত হৈছে জার্মানীৰ পশ্চিমাঞ্চল। এই অঞ্চলত বানপানীৰ বাবে জৰুৰী পৰিসেৱা সমূহো বিঘ্নিত হৈছে। বৰ্তমান উদ্ধাৰ কাৰ্য অব্যাহত ৰখা হৈছে।
এই বানপানীৰ কোনো পূর্বাভাস নাছিল । সেয়ে আকস্মিক এই বানপানীত বহুলোক বিভিন্ন এলেকাত আৱদ্ধ হৈ পৰিছে। জার্মানীৰ এখন প্রখ্যাত দৈনিক কাকতে এই বানপানীক 'মৃত্যুৰ বন্যা' আখ্যা দিছে।
বানপানীৰ প্রভাৱত বহু এলেকাত পথ আৰু ঘৰ-দুৱাৰ ডুবি গৈছে। দেশৰ বহু কেইখন জিলা বিচ্ছিন্ন হৈ পৰিছে মূল ভূমিৰপৰা। বানপানীত পানীৰ সোঁতত বিভিন্ন অঞ্চলত ঘৰ-দুৱাৰ উটি গৈছে, গছ উঘালি পৰিছে, গাড়ী ভাঁহি গৈছে। অঞ্চলবাসীসকলে কৈছে, বিগত ২০ বছৰৰ ভিতৰত এনে বানপানী তেওঁলোকে কেতিয়াও দেখা নাই!
এই দুর্যোগময় পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জার্মানীৰ উত্তৰ-পশ্চিমাঞ্চলীয় ৰাজ্যৰ নর্থ ৰাইন ভেষ্টফালিয়া আৰু ৰাইনলেণ্ড ফালিয়া ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।
মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশঙ্কা কৰা হৈছে। জৰুৰী পৰিসেৱা চালু কৰিবলৈ আৰু কিছুদিন সময় লাগিব বুলি জনাইছে ৰাইনলেণ্ড ফালিয়া চৰকাৰে।
আমেৰিকা ভ্ৰমণত থকা জার্মানীৰ চেন্সেলৰ আঙ্গেলা মের্কেলে এই বানপানী-পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। বান পীড়িত অঞ্চলত নিহত আৰু নিখোঁজ ব্যক্তিসকলৰ পৰিয়ালৰ প্রতি সমবেদনা জনাইছে তেওঁ। জার্মানীৰ ৰাষ্ট্ৰপতি ফ্রাঙ্ক ভাল্টাৰ ষ্টাইনমায়াৰে দুর্গত অঞ্চলৰ ক্ষতিগ্রস্ত ব্যক্তিসকলক সকলো ধৰণৰ সাহায্যৰ আশ্বাস প্ৰদান কৰিছে।
বেলজিয়ামতো বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বেলজিয়ামৰ বানত মৃত মানুহৰ সংখ্যা ২০ পাৰ হৈ গৈছে। দেশৰ এটা অঞ্চলৰ প্রায় ২১ হাজাৰ মানুহ বিদ্যুৎ-বিচ্ছিন্ন হৈ পৰিছে। বেলজিয়ামৰ প্রধানমন্ত্রী আলেকজান্দ্রা দি ক্রোয়ে এই বানপানীক দেশখনৰ ইতিহাসত সকলোতকৈ বৃহৎ প্ৰাকৃতিক বিপর্যয় আখ্যা দিছে।
- Log in to post comments
- 7 views