টিভিত ওলোৱাটো মুখ্যমন্ত্ৰী- চৰকাৰৰ অভ্যাস হৈছে, টিভিত এদিন নোলালে সন্তুষ্ট নহয়- গৌৰৱ গগৈ

A

নিউজ ডেস্ক :

"মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টিভিত ওলোৱাটো অভ্যাসত পৰিণত হৈছে।যিদিনা টিভিত নোলায় সেইদিনা সন্তুষ্ট  নহয়"- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ সাংসদ গৌৰৱ গগৈৰ ।শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা বিষয়ো মুখ্যমন্ত্ৰীয়ে বেলেগকৈ আকৌ ঘোষণা কৰে  কেৱল টিভিত ওলোৱাৰ বাবেই -তেওঁ কয়।

ৰাজ্যৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যে কৰি সাংসদ গৰাকীয়ে কয়- হেডলাইনৰ পাছত দৌৰা বন্ধ কৰক।টিভিত সদায় মুখখন ওলোৱাটো গুৰুত্বপূৰ্ণ  নহয়।ক'ৰনাৰ বাবে মানুহ কষ্টত আছে।কামত গুৰুত্ব দিয়ক কথা কমকৈ কওঁক।

বিগত সময়ত ছিণ্ডিকেটৰ সন্দৰ্ভত কংগ্ৰেছে উত্থাপন কৰি অহা বিষয় সমূহ সঁচা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে।কিন্তু যোৱা পাঁচ বছৰত ছিণ্ডিকেটৰ বিৰুদ্ধে মৌনতা কিয় অৱলম্বন কৰিছিল- গগৈয়ে প্ৰশ্ন   উত্থাপন কৰে।বৰ্তমান মুখ্যমন্ত্ৰী আৰু পূৰ্ব মুখ্যমন্ত্ৰীৰ মাজত এখন যুদ্ধ চলি আছে বুলিও তেওঁ কয়।

উল্লেখ্য  যে ,ৰাজীৱ ভৱনত সম্বোধন কৰা এখন সংবাদমেলত কংগ্ৰেছ সাংসদ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীক্ষ্ণ ভাৱে কটাক্ষ কৰে।

Your Comments