শনিবাৰে প্ৰকাশ পাব ক’ভিডৰ নতুন নিৰ্দেশনা : উপায়ুক্তৰে আজি মুখ্যমন্ত্ৰীৰ বৈঠক

A

নিউজ ডেস্ক :
শনিবাৰে প্ৰকাশ পাব ৰাজ্যত ক'ৰনা প্ৰতিৰোধৰ নতুন নিৰ্দেশনা।তাৰ পূৰ্বে  আজি প্ৰতিজিলা উপায়ুক্তৰে ভিডি'অ কনফাৰেন্সত দীঘলীয়া বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।জিলাৰ শেহতীয়া পৰিস্থিতি বুজ লোৱাৰ লগতে নতুন এছ অ' পি সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ উপায়ুক্ত সকলৰ পৰা।এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে  মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

গোলাঘাট, বিশ্বনাথৰ শেহতীয়া পৰিৱেশ লৈ উদ্বিগ্ন চৰকাৰ।তাৰ তুলনাত পূৰ্বতকৈ কাছাৰ, ডিব্ৰুগড়  তিনিচুকীয়াৰ পৰিৱেশ  কিছু উন্নত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় - "ক'ৰনাৰ মূল ঘাটিসমূহ চিনাক্ত কৰা হৈছে।২২০টা ঘাটি চৰকাৰৰ চকুত পৰিছে।উপায়ুক্তসকলে লকডাউন দিয়াৰ পৰিৱৰ্তে মূল ঘাটি সমূহত কন্টেইনমেণ্ট জ’ন কৰি নিয়ন্ত্ৰণ কৰিব পাৰিলেও কামখিনি হ'ব"।

ইফালে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি ক'ভিড আক্রান্ত হ্ৰাস পোৱা জিলাসমূহত আৰু অধিক শিথিল কৰা হ'ব ক'ভিড নিৰ্দেশনা।

Your Comments