হিমন্ত চৰকাৰৰ বিৰুদ্ধে মহিলাসকলক ৪২০ ধাৰাৰ অধীনত গোচৰ দিয়াৰ আহ্বান সাংসদ গৌৰৱ গগৈৰ

নিউজ ডেস্ক :
মাইক্ৰফাইনেন্স ঋণ ৰেহাইক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে।হিমন্ত চৰকাৰৰ বিৰুদ্ধে মহিলাসকলে ৪২০ ধাৰা অধীনত গোচৰ ৰুজু কৰিব লাগে।অসমীয়া মহিলা সকলক প্ৰতাৰণা কৰা বুলি গগৈয়ে কয়।


'মিছা কথাৰে চৰকাৰে বিপথে পৰিচালিত কৰিছে।ভোট বিচাৰি যাওঁতে কোনো চৰ্ত কথা কোৱা নাছিল।চৰকাৰখনৰ পৰিকল্পনা নাই, কেৱল টিভিত ওলাব জানে'- কটাক্ষ কৰি সাংসদ গৰাকীয়ে কয়।

কংগ্ৰেছৰ বিধায়কক বিজেপিলৈ নিয়া প্ৰসংগ উল্লেখ কৰি গৌৰৱ গগৈয়ে কয়- বিৰোধী বিধায়কক কেনেদৰে ভাঙিব লাগে চৰকাৰে সেই পৰিকল্পনা কৰে।প্ৰথম মাহতে ইংগিত পালোঁ চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰে।কংগ্ৰেছ দলে হিমন্ত চৰকাৰক ৰাইজৰ কাঠগঢ়াত থিয় কৰাব'।

বুধবাৰে অনলাইনযোগে এক সংবাদমেল সম্বোধন কৰি এইদৰে হিমন্ত চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় গগৈ।

Your Comments