ভাস্কৰ্য শিল্পী সোণাৰাম নাথ, লোক নৃত্যশিল্পী দ্ৰোণ ভূঞালৈ ২০২১ বৰ্ষৰ অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা

Bishnu Prasad Rabha

দেওবাৰে ৰাজ্যজুৰি পালন কৰা হ’ব সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস। ক'ৰ’নাৰ বাবে পূৰ্বৰ দৰে অসমীয়া জাতিৰ মহান শিল্পী গৰাকীক সোঁৱৰণ কৰি অনুষ্ঠান আয়োজন কৰা নাই যদিও ৰাজ্যবাসীয়ে জাতীয় বীৰ সৈনিক গৰাকীৰ অৱদানক স্মৰণ কৰিব।

আনহাতে ৰাভাৰ সোঁৱৰণত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২১বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিব বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী সোনাৰাম নাথ আৰু লোকনৃত্য শিল্পী দ্ৰোণ ভূঞাক। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ শিল্পী দুগৰাকীয়ে আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ৰাজ্য চৰকাৰে এই বঁটাৰ বাবে তেওঁলোকক নিৰ্বাচিত কৰিছে।উল্লেখ্য বঁটাত আছে নগদ ২লাখ টকা, মানপত্ৰ আৰু অংগবস্ত্ৰ।

গুৰুত্বপূৰ্ণ কথা ক’ভিড পৰিস্থিতিৰ বাবে বঁটা প্ৰদান অনুষ্ঠানৰ দিন পৰৱৰ্তী সময়ত ঘোষণা কৰিব সাংস্কৃতিক সঞ্চালকালয়ে।

উল্লেখ যোগ্য যে ১৯৯৩ চনৰ পৰা অসম চৰকাৰে প্ৰদান কৰি আহিছে এই বঁটা।

Your Comments