খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বাবে উচ্চ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ কমিটি গঠন

Teachers

ৰাজ্যত বিভিন্ন কাৰণত খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰ বাবে উচ্চ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। খালী হৈ থকা পদ শীঘ্ৰে পূৰণ কৰিবলৈ বিশেষ কমিটি গঠন।অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা ছেবাৰ পূৰ্বৰ অধ্যক্ষ আৰ চি জৈনক অধ্যক্ষ হিচাবে লৈ গঠন কৰা হৈছে পাঁচজনীয়া কমিটি।কমিটিৰ অন্য সদস্য সকল হ’ল ক্ৰমে এছ এন চৌধুৰী, ফণীন্দ্ৰ জিদোং, এছ এন দাস আৰু প্ৰসন্ন বৰা।

Notice

উল্লেখ্য যে কমিটিয়ে সমগ্ৰ ৰাজ্যত খালী হৈ থকা শিক্ষক পদৰ তথ্য তিনি সপ্তাহৰ ভিতৰত প্ৰতিবেদন হিচাপে দাখিল কৰিব লাগিব উচ্চ শিক্ষা বিভাগক।

Your Comments