কলাক্ষেত্ৰত আজিয়েই শপত ল'ব নতুন চৰকাৰে !

Ss
নিউজ ডেস্ক: বিধায়নী দলৰ বৈঠকত পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণাৰ পিচতেই অনুষ্ঠিত হ'ব শপতগ্ৰহণ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ নতুন চৰকাৰে গ্ৰহণ কৰিব দায়িত্ব। ইয়াৰ বাবে ইতিমধ্যেই সাজু কৰি তোলা হৈছে কলাক্ষেত্ৰৰ বাকৰি।গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।প্ৰশাসনৰ মূৰব্বী সকলো উপস্থিতি হৈছে কলাক্ষেত্ৰত।কামৰূপ(ম) জিলাৰ উপাযুক্ত বিশ্বজিৎ পেগু, আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই নিজেই উপস্থিত থাকি তদাৰক কৰিছে সমগ্ৰ কাম-কাজৰ। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যেই ৰাজভৱনত ৰাজ্যপালক দাখিল কৰিছে পদত্যাগ পত্ৰ।

Your Comments