প্ৰায় ১০ লক্ষ বছৰৰ পুৰণি অস্ত্ৰ উদ্ধাৰ হ’ল সোণৰ খনিৰপৰা!

Weapons from 10 lacs years old gold mine

ছাহাৰা মৰুভূমিৰ পৰিত্যক্ত সোণৰ খনিৰপৰা উদ্ধাৰ হ’ল প্রাচীন অস্ত্র। জানিবলৈ পোৱা গৈছে, লক্ষাধিক বছৰৰ আগতে এনে অস্ত্ৰ ব্যৱহাৰ কৰিছিল আফ্রিকাৰ মানুহে।

Weapons from 10 lacs years old gold mine

ছুদানৰ উত্তৰ পূব দিশে, আটবাৰা চহৰৰপৰা ৭০ কিলোমিটাৰ দূৰত প্রত্নতাত্ত্বিকসকলে এনে কিছুমান অস্ত্র অনুসন্ধান কৰি উলিয়াইছে যাৰ বয়স প্রায় সাত লক্ষ বছৰ! এই অস্ত্রসমূহ ব্যৱহাৰ কৰিছিল হোমো ইৰেকটাছ প্রজাতিৰ প্রাচীন মানুহে।

Weapons from 10 lacs years old gold mine

বছৰদিয়েক পূৰ্বে আটবাৰাৰ পূব মৰুভূমিত অনুসন্ধানৰ কাম আৰম্ভ কৰিছিল প্রত্নতাত্ত্বিকসকলে। সেই ঠাইত এটা অঞ্চল সোণৰ খনিৰ বাবে বিখ্যাত। সোণৰ আশাতেই ইয়াত বহু লোকে গাঁত খান্দে। তাৰপৰাই এই খনন কাৰ্য আৰম্ভ হৈছিল।

Weapons from 10 lacs years old gold mine

এটা পৰিত্যক্ত সোণৰ খনিৰপৰা এই অস্ত্রসমূহ পোৱা গৈছে। ইয়াৰ ভিতৰত প্রত্নতাত্ত্বিকসকলৰ সকলোতকৈ আকৰ্ষণীয় অনুভৱ হৈছে বহুখিনি অস্ত্র। অস্ত্ৰ সমূহৰ ওজন যথেষ্ট বেছি আৰু আকাৰত বহুত এলমণ্ড বাদামৰ দৰে। এই সমূহৰ দাঁতিবোৰ মিহি আৰু মুৰটো জোঙা। এই জাতীয় অস্ত্র সাধাৰণতে স্পিয়াৰহেড হিচাপে ব্যৱহাৰ হয়। অর্থাৎ এইসমূহ লাঠিৰ মুৰত বান্ধি তীৰৰ দৰে ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি পোৱা গৈছে কুঠাৰ।

Weapons from 10 lacs years old gold mine

মাটিৰ তলত কি কি লুকাই আছে, সেই কথা জানিবৰ বাবে বিজ্ঞানীসকলে optically stimulated luminescence পদ্ধতি ব্যৱহাৰ কৰিছে। এই পদ্ধতিৰ দ্বাৰাই দেখা গৈছ, ইয়াৰ মাটিৰ স্তৰ আৰু স্থাপত্যৰ বয়স ৩ লাখ ৯০ হাজাৰ! পোলেণ্ডৰ যিসকল গৱেষকে এই কাৰ্যত নেতৃত্ব দিছে, তেওঁৰ মতে, ওপৰৰ স্তৰৰ তলত যি কেইটা স্তৰ আছে, সেইসমূহ অধিক প্ৰাচীন। এইসমূহৰ বয়স কিমান হ’ব পাৰে, সেয়া নির্ভৰ কৰিছে অস্ত্রসমূহ কি দৰে ব্যৱহাৰ হৈছে, তাৰ ওপৰত।

Weapons from 10 lacs years old gold mine

এই অঞ্চলৰপৰা যি সমূহ অস্ত্র পোৱা গৈছে, অনুমান কৰা হৈছে সেইসমূহ ব্যৱহাৰ কৰিছিল হোমো ইৰেকটাছসকলে। হোমো ইৰেকটাছসকল আহিছিল আজিৰপৰা দুই লাখ বছৰ পূৰ্বে। প্রথম অৱস্থাত এওঁলোকক আফ্রিকাত দেখা গ’লেও লাহে লাহে এওঁলোক বিয়পি পৰে আফ্রিকাৰ ক্রান্তীয় অঞ্চল, ইউৰোপে আৰু এছিয়াতো। 

Your Comments