বিজেপিয়ে কিমান আসন লাভ কৰিব! ৰঞ্জিত দাসৰ সমীক্ষা পঢ়ি চাওক

Ranjit Das

বহু প্ৰত্যাশিত অসম বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হ'ব ২মে'ত। ফলাফল ঘোষণাৰ প্ৰাক্‌ ক্ষণত ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসে দিলে বিজেপি মিত্ৰজোঁটে লাভ কৰিব লগা মুঠ আসনৰ হিচাপ। বিজেপিয়ে ৭০খন অসম গণ পৰিষদে  ৮খন আৰু ইউপিপিএলে ৫খন আসন লাভ কৰাৰ পূৰ্ণসম্ভৱনা থকা বুলি দাবী কৰে সভাপতি দাসে। বিজেপিৰ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ কয়- সন্দেহৰ আৱৰ্তত আছে বহু কেইখন আসন। তাৰ পৰা তিনিখন আসনো মিত্ৰজোঁটে লাভ কৰিলে আসনৰ সংখ্যা ৮৫খনৰ ঊৰ্ধৰ হ’ব। 

বুথ সমিতিৰ তথ্যৰ ভিত্তিত বিজেপি মিত্ৰজোঁটৰ ৮৫খন আসনৰ কম নহ’ব বুলি উল্লেখ কৰি দাসে কয়- বৰাক উপত্যকাত অতি কমেও ৭খন, কাৰ্বি আংলং আৰু হাফলঙৰ ৫টা সমষ্টি লাভ কৰিব বিজেপিয়ে।

এআইইউদিএফৰে মিত্ৰতা কৰি কংগ্ৰেছ দলে উজনি অসমৰ ৭খন আসন হেৰুৱাব বুলি সংবাদমেলত দাসে দাবী কৰে।

Your Comments