গৰু বিহুৰ দিনটোৰ পৰা ৰাজ্যত আৰম্ভ ৰঙালী বিহুৰ উছাহ

Pic

অসমৰ চৌদিশে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ উছাহ।ক'ৰ'না সংক্ৰমণ বৃদ্ধি পোৱাৰ শংকাপূৰ্ণ পৰিৱেশৰ মাজতে আজি অসমীয়াই পালন কৰে গৰু বিহু।

পুৱা ৰাজ্যৰ অনেক প্ৰান্তৰত নৈ,জলাশয়,বিল আদিত গৰুক দলগতভাৱে গা ধুৱালে কৃষিজীৱী ৰাইজে।লগতে,দীঘলতিৰ দৰে ৰোগ-প্ৰতিৰোধক গছৰ আগ-পাতেৰে গোধনক কোবাই গোধনৰ ৰোগ দূৰ কৰিবলৈ প্ৰাৰ্থনা জনালে।লগতে,লাউ-বেঙেনা আদি গোধনক খুৱাই 'বৰগৰু' হ'বলৈ আশীৰ্বাদ দিয়ে।কৃষিকৰ্মৰ অপৰিহাৰ্য সংগী গৰুক ন-পঘাৰে বিহুৱান দিয়ে আজি কৃষিজীৱী ৰাইজে।

আনহাতে,ৰাজ্যৰ উজনি-নামনিত গৰু বিহুৰ দিনটোৰ পৰাই আৰম্ভ হৈছে বিহু সন্মিলনসমূহৰ সাংস্কৃতিক অনুষ্ঠানসমূহ।এনে সাংস্কৃতিক অনুষ্ঠানসমূহত বিহু সন্মিলনসমূহৰ আয়োজক সমিতিসমূহ আৰু ৰাইজে কি ধৰণেৰে ক'ভিড সংক্ৰমণ বিৰোধী নীতি-নিয়মসমূহ মানে সেয়া লক্ষণীয় হ'ব।

Your Comments