আমিন গাঁৱৰ ষ্ট্ৰং ৰুমত এতিয়া সুৰক্ষিত নহয় EVM

CCTV camera

যোৱা ২৭মাৰ্চৰ পৰা ৬এপ্ৰিললৈকে অসমৰ বিধানসভা নিৰ্বাচন হৈ গ’ল ৷ ২ মে’ত ঘোষণা হ’ব ফলাফল ৷ ভোট গ্ৰহণ কাৰ্যসূচী সুকলমে পাৰ হৈ যোৱাৰ পিছত আমিনগাঁৱৰ ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছিল কামৰূপ গ্ৰাম্য জিলাৰ  EVM মেচিন সমূহ ৷

CCTV camera

কিন্তু আজি হঠাৎ বিকল হৈ পৰিল EVM মেচিন সমূহ ৰখা কোঠাৰ CCTV কেমেৰা ৷ প্ৰশ্ন উঠিছে ইমানবোৰ CCTV কেমেৰাৰ ভিতৰত কেৱল EVM ৰখা কোঠাৰ কেমেৰাটো কেনেকৈ বিকল হ’বলৈ পালে ? নিৰ্বাচন আয়োগেও কিয় তাৎক্ষণিক ব্যৱস্থা লোৱা নাই বহু ঘণ্টা জুৰি বিকল হৈ থকা CCTV কেমেৰাটোৰ ক্ষেত্ৰত ?

CCTV camera

বিভিন্ন স্থানৰপৰা বিভিন্ন দলৰ নেতৃত্ব সকল গৈ উপস্থিত হৈছেগৈ আমিনগাঁৱত ৷ এতিয়াও জানিব পৰা হোৱা নাই CCTV কেমেৰাটো বিকল হোৱাৰ প্ৰকৃত কাৰণ ৷ সন্দেহ নামি আহিছে দল সংগঠন সমূহৰ লগতে সাধাৰণ জনতাৰ মনলৈও ৷

Your Comments