ভোটাধিকাৰ সাব্যস্ত কণ্ঠশিল্পী দীপলিনা ডেকাৰ:কেনে নেতৃত্ব বিচাৰে পঢ়ি জানি লওঁক

Diplina deka

গুৱাহাটীৰ মঠঘৰীয়াত ভোটাধিকাৰ সাব্যস্ত কৰিলে মোহময়ী কণ্ঠশিল্পী দীপলিনা ডেকাই।পুৱা গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নৱপ্ৰজন্মৰ মাজত অতি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কয়-ভোটাদান কৰিবলৈ আহি ভাল লাগিছে।যুৱ প্ৰজন্মৰ অংশগ্ৰহনে অধিক আশাবাদী কৰি তুলিছে।

দিছপুৰ সমষ্টিৰ ভোটাৰ হিচাপে শিল্পী গৰাকীয়ে সমষ্টিটোত পানীৰ সমস্যা, ৰাষ্টা-ঘাটৰ সমস্যা সমূহ সমাধান হোৱাটো বিচৰা বুলি উল্লেখ কৰে।

সচৰাচৰ চলি থকা ৰাজনীতিৰ উৰ্ধত এটা ৰাজনীতি বিচৰা বুলি উল্লেখ কৰি ডেকাই কয়- এনে এগৰাকী নেতৃত্ব বিচাৰিছো যিয়ে অসমীয়াৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় দৰবাৰত খুব সুন্দৰকৈ উপস্থাপন কৰি অসমীয়া জাতিটোৰ হকে মাত মাতিব পাৰে।

Your Comments