ভোটাধিকাৰ সাব্যস্ত কৰি ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কি ক'লে পঢ়ক

Samujjal kumar bhattacharya

মঙলবাৰে পুৱাই দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

নিজৰ ভোট সাব্যস্ত কৰি তেওঁ আহ্বান জনাই যে, ৰাইজে গণতান্ত্ৰিক অধিকাৰ, গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰক।অসমৰ খিলঞ্জীয়াই নিজৰ প্ৰভুত্ব-নিয়ন্ত্ৰণ ৰক্ষা কৰি সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ যাতে খিলঞ্জীয়াৰ হাতত তুলি দিয়ে তাৰ ওপৰত গুৰুত্বৰ দিয়াৰো আহ্বান জনায় উপদেষ্টা গৰাকীয়ে।

'ছাত্ৰ-ছাত্ৰীৰ, যুৱক-যুৱতী সকলৰ আশা সপোন বাস্তৱত ৰূপায়িত হ’ব লাগে।ছাত্ৰ-ছাত্ৰী সকলে আকাশ চুব খোজে।নৱ প্ৰজন্মৰ ওপৰত সাংঘাতিক আশা আছে'- ভট্টাচাৰ্য্যই লগতে কয়।

এইখন অসম আমাৰ।জাতি, জনগোষ্ঠী, ভাষা, সকলো ধৰ্মাৱলম্বী খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু নিয়ন্ত্ৰণ সৰ্বকালৰ বাবে থাকিব লাগিব।

অসমৰ ৰাজধানী গুৱাহাটী সর্বাংগ সুন্দৰ হোৱাৰ লগতে ৰাইজে খোৱা পানী পাব লাগে।যান-জঁট, কৃত্ৰিম বানপানী আদি সমস্যাবোৰ শেষ হ’ব লাগে- ভোটাধিকাৰ সাব্যস্ত কৰি ভট্টাচাৰ্য্য এইদৰে কয়।

Your Comments