মাজনিশা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহত উপস্থিত হ’ল আৰক্ষী, আটক কৰিলে প্ৰাৰ্থীগৰাকীৰ দেহৰক্ষীক

Pramila Rani Brahma

দেওবাৰে নিশা প্ৰমিলা ৰাণী ব্ৰহ্মৰ ঘৰৰ বাহিৰত সহস্ৰাধিক লোক গোট খাইছিল ৷ কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ঘৰত ১৪৪ ধাৰা ভংগৰ অভিযোগ কৰি সমবেত লোকক ছত্ৰভংগ দিবলৈ উপস্থিত হয় কোকৰাঝাৰ আৰক্ষী। ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা গৈছে, ঘটনাস্থলীত আৰক্ষীয়ে দুজন ব্যক্তিক আটক কৰে ৷ আটক ব্যক্তি দুজনৰ ভিতৰত এজন মন্ত্ৰী গৰাকীৰ ব্যক্তিগত দেহৰক্ষী।

আনহাতে, কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সংবাদমেল যোগে প্ৰবেচনাৰী আইপিএচ বিষয়া তথা আৰক্ষীক কৰ্তব্যত বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰে। 

situation at Pramila Rani's Home

ইয়াৰ বিপৰীতে, বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই ইয়াৰ বিপৰীত ভাষ্য আগবঢ়াই কয় যে তেওঁ কৰ্মী-সমৰ্থকৰ সৈতে কথা পাতি থকাৰ সময়তে আৰক্ষীৰ দল উপস্থিত হয় আৰু তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ লগতে কৰ্মী-সমৰ্থকক উলিয়াই দিয়ে। এই সন্দৰ্ভত বিপিএফৰ প্ৰাৰ্থী গৰাকীয়ে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে।

কিন্তু, প্ৰমিলা ৰাণী ব্ৰহ্মৰ কৰ্মী-সমৰ্থকৰ ওপৰত লাঠীচালনাৰ অভিযোগ অস্বীকাৰ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।

Your Comments