কংগ্ৰেছ কৰ্মীক লক্ষ্য কৰি প্ৰকাশ্যে গুলি চালনা মুৰছিদাবাদত, অভিযোগ তৃণমূলৰ বিৰুদ্ধে

attack

কংগ্রেছ কর্মীক লক্ষ্য কৰি গুলি চালনা, লক্ষ্য ভ্রষ্ট হোৱাত প্রাণে বাচি যায় উক্ত কংগ্রেছ কর্মী। অভিযোগৰ তীৰ তৃণমূলৰ বিৰুদ্ধে। ঘটনাটো ঘটিছে মুৰছিদাবাদৰ কান্দি থানাৰ অন্তর্গত কান্দি লোহাপোটি এলেকাত ৷ স্থানীয় সূত্রৰপৰা জানিব পৰা গৈছে , চঞ্চল বাৰিক নামৰ কংগ্রেছ কর্মীজনে দেৱাল লিখনৰ কাম কৰে। সেইদিনা তেওঁ সেই কামৰ বাবেই ওলাই গৈছিল। কামৰ তদাৰক কৰাৰ পিছত চাহৰ দোকানত বহিছিল তেওঁ। 

অভিযোগ মতে, সেই সময়তে হঠাৎ এটা দুস্কৃতীকাৰীৰ দল আহি মাৰধৰ আৰম্ভ কৰে তেওঁক। ইয়াৰ পিছত তেওঁক লক্ষ্য কৰি গুলি চালনা কৰা হয়। লক্ষ্য ভ্রষ্ট হোৱাৰ ফলত কথমপি প্রাণ ৰক্ষা পৰে কংগ্রেছ কর্মীজনৰ। ঘটনাযত কান্দি থানাত বিক্ষোভ প্ৰদৰ্শন কৰে কংগ্রেছ নেতৃত্বই। 

ইয়াৰ লগতে লিখিত অভিযোগ দাখিল কৰা হৈছে কংগ্রেছৰ তৰফৰপৰা। আনহাতে অভিযোগ উঠিছে কান্দি বজাৰত আলুপট্টি এলেকাত এজন বিজেপি সমর্থকৰ দোকানত আক্ৰমণ চলাই তৃণমূলৰ দুস্কৃতীকাৰীৰ দলে। এই ঘটনাত বিজেপি প্রার্থী আৰু বিজেপিৰ স্থানীয় নেতৃত্ব আহি বিক্ষোভ প্ৰদৰ্শন কৰে কান্দি থানাৰ সন্মুখত। যদিও উক্ত ঘটনাৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে তৃণমূলে।

Your Comments