#মৃণাল ডেকা,শুৱালকুছি,৩ এপ্ৰিল :
ৰাজ্যৰ অন্য বিধানসভা সমষ্টিৰ দৰে সম্প্ৰতি ৫১ নং জালুকবাৰী বিধানসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ গতিত চলিছে ৷ অৱশ্যে এই প্ৰচাৰ অভিযানত জালুকবাৰী সমষ্টিত শপ্ৰভাৱশালী মন্ত্ৰী তথা স্থানীয় বিধায়ক ড: হিমন্ত বিশ্ব শৰ্মা প্ৰতিদ্বন্দী কংগ্ৰেছৰ ৰমেন বৰঠাকুৰ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সমৰ্থিত হেমন্ত সুততকৈ যথেষ্ট আগবাঢ়ি আছে ৷
ৰাজ্যৰ অন্য সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত গুৰু দায়িত্ব বহন কৰিব লগীয়া হোৱাৰ বাবেই ষ্টাৰ কেম্পেইনাৰ ড° হিমন্ত বিশ্ব শৰ্মাই নিজ সমষ্টি জালুকবাৰীত সময় দিব পৰা নাই যদিও স্থানীয় বিজেপি নেতা-কৰ্মীসকলেই যথোচিতভাৱে নিৰ্বাচনী প্ৰচাৰ-কাৰ্য চলাই আছে ৷ উল্লেখ্য যে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ তথা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাত এতিয়ালৈকে নিজ সমষ্টিত পদাৰ্পণ তথা নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ আহৰি পোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে দিনে- নিশাই মন্ত্ৰী ড: শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ-কাৰ্য্য তীব্ৰতৰ কৰি তুলিছে ৷ পত্নী ৰিণিকি ভুঞা শৰ্মাই জালুকবাৰী সমষ্টিত ধাৰাবাহিকভাৱে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি দলীয় কৰ্মীসকলক উৎসাহ যোগাই আহিছে ৷ সমষ্টিটোৰ বিভিন্ন পঞ্চায়তৰ লগতে শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমুহতাে মন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মাই স্থানীয় বিজেপি কৰ্মীসকলৰ সহযোগত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ইতিমধ্যে ড: শর্মাই আৰু মাতৃয়ে জালুকবাৰী সমষ্টিত নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন কৰি ধাৰাবাহিকভাবে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি দলীয় কৰ্মীসকলক উৎসাহ যোগোৱাৰ লগতে কৰ্মী তথা শুভাকাংক্ষীসকলক একত্ৰিতভাৱে নিৰ্বাচনী কামকাজ আগবঢ়াই নিবলৈ আহ্বান জনাই আহিছে।আনহাতে , শুৱালকুছি যুৱ মৰ্চাৰ সম্পাদক জিতুমণি বৈশ্য আৰু সুমন বড়োৱে কয় যে এইবাৰো ড: হিমন্ত বিশ্ব শৰ্মাক অভিলেখসংখ্যক ভোটত বিজয় সাব্যস্ত কৰাৰ বাবে সকলোৱে সংকল্পবদ্ধ হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে , জালুকবাৰী সমষ্টিত অইন ৰাজনৈতিক দলৰ প্ৰচাৰ স্তিমিত হৈ আছে যদিও শাসকীয় বিজেপিৰ দলৰ কৰ্মীসকলে বিভিন্ন নামেৰে অস্থায়ী নিৰ্বাচনী কাৰ্য্যালয় প্ৰায় প্ৰতিটো চুবুৰীতে স্থাপন কৰি পূৰ্ণ উদ্যমেৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আছে।এনেদৰে, প্ৰায় বিৰোধীবিহীন জালুকবাৰী সমষ্টিত ঠায়ে ঠায়ে এটা চুবুৰীতে ছয়ৰ পৰা সাতটালৈ অস্থায়ী নিৰ্বাচনী কাৰ্য্যালয় স্থাপন কৰাক লৈ এতিয়া সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
- Log in to post comments
- 87 views