মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কিড্‌নিৰ অসুখে, জানিব পৰা নাই কাৰণ

Kidney disease

১৫ বছৰ ধৰি লাহে লাহে বৃদ্ধি পায় থকা ৰোগে যেতিয়া মহামাৰীৰ ৰূপ ধাৰণ কৰিলে তেতিয়া কাৰণ সন্ধানত নামিছে প্রশাসন, এনে দৰেই লক্ষ্য কৰিছে স্বাস্থ্য সম্পৰ্কে সচেতন সকলে। উপস্থিত হৈছে যথাস্থানত চিকিৎসক আৰু গৱেষকৰ দল। এটা কিডনিৰ ৰোগ। গাঁৱৰ ৮০ শতাংশ লোক এই ৰোগতে আক্রান্ত। ৰোগৰ ফলত মৃত্যু হৈছে ২০০-ৰ অধিক লোক। সম্প্রতি চিকিৎসা চলিছে ১৮০০ জনৰ। ঘটনাটো গাৰিয়াবান্দ জিলাৰ সুপবেড়া গাঁৱৰ। 

কেনেকৈ কিডনিৰ ৰোগত তেওঁলোক আক্রান্ত হ’ল, সেই কথা জানিবলৈ আৰম্ভ হৈছে মাটি আৰু পানীৰ পৰীক্ষা। কিডনিৰ ৰোগে সেই গাঁৱত ভয়ঙ্কর ৰূপ ধাৰণ কৰিছে। ক’ৰ’নাতকৈও ভয়াবহ।  কেৱল যে সেইখন গাঁৱেই কিডনিৰ অসুখত আক্রান্ত হৈছে এনে নহয়, অন্য কেইবাখনো গাঁৱৰ মানুহো কিডনিৰ অসুখত আক্রান্ত হৈছে আৰু মৃত্যু মুখত পৰিছে। এই ৰোগ বাঢ়ি উৰিষ্যাৰ সীমান্ত পর্যন্ত পাইছেগৈ ৷ প্রায় ১০ ৰপৰা ১৫ হাজাৰ লোক কিডনিৰ এই ৰোগত আক্রান্ত হৈছে । এই অসুখৰ কোনো বয়সৰ সীমা নাই। ৮ ৰপৰা ৮০ বছৰ বয়সৰ মহিলা, শিশু , পুৰুষ নির্বিশেষে আক্রান্ত হৈছে কিডনিৰ অসুখত। 

প্রাথমিকভাৱে জানিবলৈ পোৱা গৈছে, গাঁৱৰ নদীৰ পানীত গধুৰ ধাতু পোৱা গৈছে। ইয়াৰোপৰি, আর্চেনিক, কেডমিয়াম, পাৰদ আৰু লেড আছে পানীত । ফলত কিডনিৰ অসুখত ভুগিছে ৮০ শতাংশ লোক ৷ কিন্তু এইটোৱেই প্ৰকৃত কাৰণ হয়নে নহয় জানিব পৰা হোৱা নাই। চলিছে পর্যবেক্ষণ ৰোগে যাতে গাঁও সমূহৰ পৰা অন্য কোনো ফালে বাঢ়ি যাব নোৱাৰে সেই ক্ষেত্ৰত নজৰ ৰাখিছে প্রশাসনে ৷ 

Your Comments