আপুনি এতিয়াও ক’ৰ’না ভেক্চিনৰ দ্বিতীয় ডোজ লোৱা নাই নেকি? তেন্তে জানি লওক স্বাস্থ্যমন্ত্রালয়ে কি কি বিষয়সমূহৰ ক্ষেত্ৰত লক্ষ্য ৰাখিবলৈ কৈছে।
মূলতঃ চাৰিটা বিষয়ত সতর্ক থাকিবলৈ কৈছে স্বাস্থ্য মন্ত্রালয়ে। ১) কোনটো ভেক্চিন লৈছে, ২) কিমান দিনৰ ভিতৰত দ্বিতীয় ডোজ লৈছে, ৩) ভেক্চিন লোৱাৰ পিছত চাৰ্টিফিকেট ৪) ভেক্চিনৰ তাৰিখ
প্রথম ডোজ কোনটো ভেক্চিনৰ লৈছিল কোভিশ্বিল্ড নে কোভাক্সিন, যি ভেক্চিনৰ প্রথম ডোজ দিয়া হৈছিল আপোনাৰ শৰীৰত, তাৰেই দ্বিতীয় ডোজ পাইছেনে নাই সেই কথাৰো খেয়াল ৰাখিব লাগিব।
কোনটো ভেক্চিন কিমান দিন পিছত লোৱা উচিত সেই বিষয়ে জ্ঞান ৰাখিব লাগিব। প্ৰত্যেকে নিজেই সতর্ক থাকিব লাগিব। সেই মতেই উপস্থিত হ’ব লাগিব ভেক্চিন কেন্দ্রত। মনত ৰাখিব কোভিশ্বিল্ড ৮ সপ্তাহৰ অন্তত লোৱা দৰকাৰ। আগতে জনোৱা হৈছিল কোভিশ্বিল্ড ভেক্চিনৰ দুটা ডোজৰ মাজত ব্যৱধান হোৱা উচিত ২৮ দিন। বৰ্তমান সেই সময় বঢ়াই ৬-৮ সপ্তাহ কৰা হৈছে। আনহাতে কোভাক্সিনৰ দ্বিতীয় ডোজ ল’ব লাগিব প্রথম ডোজৰ ২৮ দিনৰ পিছত।
ভেক্চিনৰ পিছত চাৰ্টিফিকেটত আপোনাৰ যাৱতীয় তথ্য সঠিক ভাৱে আছেনে নাই , সেই বিষয়ে লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ প্রথম ডোজ পোৱাৰ পিছত। যি বটলৰ পৰা ভেক্চিন লৈ আপোনাৰ শৰীৰত প্রয়োগ কৰা হৈছে তাৰ তাৰিখ চাই লোৱা উচিত। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যৰ সকলো মুখ্যমন্ত্রীৰ সৈতে ক’ৰ’নাৰ দ্বিতীয় ঢৌ সন্দৰ্ভত আলোচনা কৰাৰ পিছত জনাইছিল, যি ভেক্চিন আগতে পাইছে, বা যাৰ বৈধতাৰ দিন আগত সেই সকলোখিনি ভেক্চিন আগতে ব্যৱহাৰ কৰা উচিত। তেনে কৰিলে ভেক্চিন নষ্টৰ হাৰ কমিব।
- Log in to post comments
- 93 views