ভেক্চিনৰ পিছত কৰ’না নিয়ন্ত্রণৰ বাবে লোৱা হ’ল অন্য এটা পদক্ষেপ। কৰ’না ভাইৰাছক আৰম্ভণিতেই বশ কৰিবলৈ এটা টেবলেট প্ৰস্তুত কৰিছে মার্কিন ফার্মা জায়ান্ট ফাইজাৰ (Pfizer)এ। সংস্থাৰ তৰফৰপৰা জনোৱা হৈছে, মানৱদেহত এই পিলটোৰ পৰীক্ষা আৰম্ভ হৈছে।
ফাইজাৰৰ বিজ্ঞানী মিখায়েল ডোলষ্টেনে সংবাদমাধ্যমক জনাইছে, কৰ’না ভাইৰাছ ৰুধিবলৈ এক দিশে যিমান প্রয়োজন টিকাৰ সিমানেই প্রয়োজন আগলৈ ঔষধৰ সহায়েৰে ইয়াক বাঢ়িবলৈ নিদিয়াৰ। সেয়ে টিকাৰ লগতে প্ৰস্তুত কৰা হৈছে টেবলেটো। ফাইজাৰৰ টেবলেটৰ হিউমেন ট্রায়েল বৰ্তমান আৰম্ভ হৈছে মার্কিন যুক্তৰাষ্ট্রত।
উল্লেখ্য যে, জার্মান সংস্থা BioNTech ৰ সৈতে যৌথ উদ্যোগত প্ৰস্তুত কৰা কৰ’না টিকা Remdesivir-ক অনুমোদন দিছে মার্কিন যুক্তৰাষ্ট্রৰ Food and Drug Administration এ ৷
- Log in to post comments
- 6 views