কোজিকোড়-কন্যাকুমাৰী...সাগৰ-তীৰৰ সোণোৱালী স্মৃতি

Kanyakumari

--ৰাজকমল চাংকাকতি--

ট্ৰেভেলেক্স চেনেলটো ভ্ৰমণৰ চেনেল।আজি চেনেলটো লগাওঁতেই হঠাতে এখন সাগৰ দেখিলো।কেৰেলাৰ সাগৰ।কোজিকোড়ৰ আৰৱ সাগৰ।এগৰাকী ট্ৰেভেল এংকৰে কৈ গৈছে কোজিকোড়ৰ সাগৰ-তীৰৰ সৌন্দৰ্যৰ কথা।সঁচাকৈয়ে প্ৰকৃতি-সৃষ্ট সৌন্দৰ্যৰ সংজ্ঞা কোজিকোড়ৰ সাগৰ উপকূলত।কেৰেলাৰ এই সাগৰ-তীৰ দেখি মনলৈ ভাঁহি আহিল চন ২০০১।

      কিয় চন ২০০১?২০০১ চনৰ জুন মাহত সাগৰৰ সংস্পৰ্শলৈ আহিছিলোঁ।কেৰেলাৰ সমীপতে।তামিলনাডুত।অপৰূপা কন্যাকুমাৰীত।এটা আবেলি উপস্থিত আছিলোঁ ফেনিল ঢৌৱে বাৰম্বাৰ চুমি থকা কন্যাকুমাৰীৰ সাগৰ উপকূলত।কোৱা হয় ইয়াতে মিলিত হয় বংগোপ,আৰৱ আৰু ভাৰত মহাসাগৰ।ঢৌৰ পিছত ঢৌৱে স্পৰ্শ কৰিছিল-যি স্পৰ্শক পাহৰি যোৱা নাই এতিয়াও।সেই সাগৰৰ বিশালতা,বিশালতাই নিৰ্মাণ কৰা গাম্ভীৰ্যতাও মন আকাশৰ পৰা মচ খাই যোৱা নাই এতিয়াও।সম্ভৱো নহয়।এয়াই সাগৰৰ চৌম্বকীয় আকৰ্ষণ,নজহা-নপমাকৈ মনোস্থিতিত যাৰ অৱস্থিতি‌।আৰু সৌন্দৰ্যৰ কথা!অধিক ব্যখ্যাৰ প্ৰয়োজন নাই য'ত।প্ৰকৃতিয়ে মোহনীয়কৈ নিৰ্মাণ কৰিছে মন্দিৰ নগৰী কন্যাকুমাৰীক।তাতকৈ অধিক মনোমুগ্ধকৰ হিচাপে গঢ়ি তুলিছে সাগৰ- উপকূলটোক।সোণোৱালী বালি,বালিত জিলিকি থকা সাগৰতলীৰ শংখ,সিঁচৰতি হৈ থকা শামুকবোৰ,নাৰিকলৰ ওখ গছবোৰ-সকলো ধুনীয়া,মনত সৰ্বসময়ৰ বাবে ঘৰ পাতি থাকিব পৰাকৈ।কন্যাকুমাৰীৰ তীৰৰ অলপ দূৰতে এটা বিশাল শৈল খণ্ডত বিবেকানন্দ শৈল স্মাৰক।য'ত স্বামী বিবেকানন্দ ধ্যানত নিমগ্ন হৈছিল।লগতে,সাগৰৰ মাজত তামিল কবি থিৰুভল্লুভৰৰ সুউচ্চ প্ৰতিমূৰ্তি।এয়া কন্যাকুমাৰীৰ বিশেষত্ব।যি কাৰণসমূহৰ বাবে এই এই সমুদ্ৰ পাৰৰ সৰু নগৰখনক কেতিয়াও পাহৰিবলৈ নোৱাৰি,তাৰ দুটা কাৰণ।এনেদৰেই বিতোপন সমুদ্ৰ-তীৰৰ আটকধুনীয়া কন্যাকুমাৰী... কোজিকোড় অথবা কন্যাকুমাৰী-সাগৰ-তীৰবোৰ সদায় একো-একোটা সুন্দৰ কবিতা।

Pic

      ট্ৰেভেলেক্স চেনেলত দেখা কোজিকোড়ৰ তীৰত কন্যাকুমাৰীৰ সাগৰ-পাৰৰো সৌন্দৰ্যৰ কাব্যিক গাথা।বুকুত সোণাৰুৰ সোণালী হালধীয়া হৈ বুকুত সদায় জিলিকি থাকে সাগৰ তীৰৰ ৰূপস্মৃতি।হৃদয় সৰ্বক্ষণত সমৃদ্ধ এই ৰূপস্মৃতিৰ কথাৰে....

শেষত উল্লেখ কৰিলোঁ আমেৰিকাৰ যুৱ কবি ছাৰা কাইৰ এটা উক্তি- এই উক্তিটোৰ পৰা সহজভাৱে বুজা যায় কিয় সমুদ্ৰ আৰু সমুদ্ৰ-তীৰ সদায় ধুনীয়া আৰু সর্বদা স্মৰণীয়। "Because there’s nothing more beautiful than the way the ocean refuses to stop kissing the shoreline, no matter how many times it’s sent away."

Your Comments

Related Articles