মঙ্গলবাৰে স্বাস্থ্য মন্ত্রালয়ে জনাইছে, ব্রিটেইন, দক্ষিণ আফ্রিকা আৰু ব্রাজিল সহ একাধিক স্থানত নতুন ষ্ট্ৰেইনৰ সন্ধান পোৱা গৈছে ভাৰতত। বৰ্তমানলৈকে যাৰ সংখ্যা ৭৯৫। মার্চত বিদেশী ষ্ট্ৰেইনৰ সংখ্যা একেকোবে যথেষ্ট বাঢ়ি গৈছে। ১৮ মার্চ পর্যন্ত এই সংখ্যা আছিল ৪০০। ২৩ মার্চৰ ভিতৰত সেই সংখ্যা বৃদ্ধি পায় হ’লগৈ ৭৯৫। পাঁচদিনত দুগুণ গতিত বাঢ়িছে বিদেশী ষ্ট্ৰেইনৰ উপদ্ৰৱ।
ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে বৈঠকৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনাইছিল, ৰাজ্যত নতুন ষ্ট্ৰেইনৰ সংখ্যা কিমানজন সেই সন্দৰ্ভত অৱগত হৈ থাকিব লাগিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।ইয়াৰ আগতে মঙ্গলবাৰে, পাঞ্জাৱৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিঙে কৈছিলে, জেনোম চিকোৱেন্সিঙৰ বাবে ৪০১ টা নমুনা পঠোৱা হৈছিল। ইয়াৰ ভিতৰত ৮১ শতাংশ ব্রিটেইনৰ নতুই ষ্ট্ৰেইন। কিন্তু দ্বিতীয় ঢৌৰ বাবে দায়ী কোন দেশৰ নতুন ষ্ট্ৰেইন সেই সন্দৰ্ভত স্পষ্টকৈ এতিয়াও একো জানিব পৰা হোৱা নাই।
ক্রমশঃ বাঢ়ি যোৱা কৰ’না আক্রান্তৰ সংখ্যাই চিন্তা বঢ়াইছে। জৰুৰীকালীন তৎপৰতাৰে টিকা গ্রহণ কৰাৰ নিৰ্দেশ দিছে কেন্দ্রই। ১ এপ্রিলৰপৰা ৪৫ বছৰৰ ঊর্ধ্বৰ সকলক দিয়া হ’ব ভেক্চিন। মঙ্গলবাৰে কেবিনেট বৈঠকৰ পিছত এই গণটিকাকৰণৰ কথা জনাইছে প্রকাশ জাভৰেকৰে।
৪৫ বছৰ বয়সীয়া আৰু ৪৫ বছৰৰ ঊর্ধ্বৰ সকলক দিয়া হ’ব ভেক্চিন। দ্বিতীয় ঢৌক ৰোধ কৰিবলৈয়ে মূলতঃ এই সিদ্ধান্ত। অতি দ্রুত ভেক্চিন লোৱাৰ পৰামর্শ কেন্দ্রৰ। দেশৰ হাতত আছে পর্যাপ্ত ভেক্চিন। বৈজ্ঞানিক আৰু বিশেষজ্ঞসকলে আগতেই জনাইছিল যিমান দ্রুত ভাৱে সম্ভৱ ভেক্চিন প্রক্রিয়া ৪৫ বছৰৰপৰা আৰম্ভ কৰা উচিত। সেই পৰামৰ্শকেই সম্মতি দিছে কেন্দ্রই। লগতে,জেনোম চিকুৱেঞ্চিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
- Log in to post comments
- 16 views