নতুন একো নহয়, মাস্ক আছিল ৩০০০ বছৰৰ আগতেও!

Mask

মাস্কক লৈ হৈ চৈ লাগি গৈছে সমগ্ৰ পৃথিবীতে। কৰ’নাই এটা নতুন বস্তু শিকালে মানুহক, কোৱা হৈছে এনেকৈও। কিন্তু কথাটো সর্বাংশে সত্য নহয়। প্রত্নতত্ত্ববিদসকলে জনাইছে, মাস্ক নতুন একো নহয়, আছিল ৩০০০ বছৰৰ আগতো! 

জানিবলৈ পোৱা গৈছে, চীনৰ দক্ষিণ-পশ্চিমাঞ্চলীয় চিছুৱান প্রদেশৰ প্রত্নতাত্ত্বিক স্থান খনন কৰিছিলে গৱেষকসকলে। অঞ্চলটো চেংদু'ৰ উপকণ্ঠৰ চান্‌ছিংদুইত। খননকাৰ্যৰ সময়ত তাৰপৰা পাঁচশতকৈ বেছি প্রাচীন নিদর্শনৰ সন্ধান পোৱা গৈছে। ইয়াৰ ভিতৰত সোনেৰে নিৰ্মিত এখন মাস্কও আছে। পৰীক্ষা কৰি দেখা যায়, সোনৰ এই মাস্ক তিনি হাজাৰ বছৰৰ পুৰণা! প্রত্নতত্ত্ববিদসকলে সন্ধান পোৱা মাস্কখনৰ ৮৪ শতাংশই সোনৰ। ওজন ২৮০ গ্রাম। চীনৰ নেচনেল কালচাৰেল হেৰিটেজ এডমিনিষ্ট্ৰেচনে এই তথ্য পৱৰকাশ কৰিছে। প্রত্নতত্ত্ববিদসকলে কৈছে, সেই সময়ত মানুহে বিভিন্ন অনুষ্ঠানত সোনেৰে নিৰ্মিত এনে ধৰণৰ মাস্ক পৰিধান কৰিছিল।

চান্‌ছিংদুই এসময়ত শু ৰাজ্যৰ অন্তর্গত আছিল। সময়টো ৩১৬ খ্রীষ্টপূর্ব। পশ্চিম চিছুৱান উপত্যকাৰ হান নদীৰ অববাহিকা জুৰি বিস্তৃত আছিল এই ৰাজ্য। শিল্পকর্মৰ বাবে খ্যাতিও আছিল ৰাজ্যখনৰ।

উল্লেখ্য, যোৱা শতিকাৰ বিশৰ দশকৰ পিছৰ পৰা বৰ্তমানলৈকে এই অঞ্চলৰপৰা ৫০ হাজাৰৰো অধিক প্রত্ন নিদর্শনৰ অনুসন্ধান পোৱা গৈছে। ১৯৮৬ চনত ইয়াত খননকাৰ্য চলাই ব্রোঞ্জেৰে নিৰ্মিত মাস্ক পাইছিল প্রত্নতত্ত্ববিদসকলে।

Your Comments