টকিঅ’ অলিম্পিকত বিদেশী দৰ্শকৰ প্রৱেশ নিষিদ্ধ কৰিলে আয়োজক কমিটিয়ে, ঘুৰাই দিব ক্ৰয় কৰা প্ৰৱেশ-পত্ৰৰ মূল্য

Olympic & paralympic games

ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে জাপানৰ ৰাজধানীত ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অলিম্পিক আৰু পেৰালিম্পিক ক্ৰীড়া ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব লগীয়া ‘টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক ক্ৰীড়া ২০২০’ত আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আয়োজক কমিটিয়ে। 

Tokyo

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি, আন্তঃৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটি, টকিঅ’ মেট্ৰ’পলিটান গভাৰ্ণমেণ্ট, টকিঅ’ অলম্পিক আয়োজক কমিটি আৰু জাপান চৰকাৰৰ মাজত অনুষ্ঠিত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে শনিবাৰে আয়োজক কমিটিয়ে প্ৰকাশ কৰে যে আগন্তুক অলিম্পিক আৰু পেৰালিম্পিকত আন্তঃৰাষ্ট্ৰীয় দৰ্শকক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

উল্লেখ যোগ্য যে, বিগত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বৰ বৃহত্তম ক্ৰীড়া মহোৎসৱখন বিশ্বব্যাপি আলোড়নৰ সৃষ্টি কৰা ক'ভিড সংক্ৰমণৰ বাবে স্থগিত ৰখা হৈছিল।

জানিব পৰা অনুসৰি, বিশ্বৰ বিভিন্ন দেশৰ ক্ৰীড়া অনুৰাগীয়ে ক্ৰয় কৰা অলিম্পিকৰ প্ৰৱেশ পত্ৰৰ মূল্য ঘূৰাই দিব আয়োজক কমিটিয়ে।

Your Comments