যোৱা সময়চোৱাত ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা আছিল ২৪ হাজাৰ, কিন্তু বুধবাৰে স্বাস্থ্যমন্ত্রালয়ে সংক্রমণৰ যি পৰিসংখ্যা প্রকাশ কৰিছে তাত দেখা গৈছে যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্রান্তৰ সংখ্যা প্রায় ২৯ হাজাৰ।
দেশত পুনৰ উদ্বেগজনক পৰিস্থিতি। ক্রমশঃ বৃদ্ধি পাইছে দৈনিক কৰ’না আক্রান্তৰ সংখ্যা। মঙ্গলবাৰে নতুনকৈ কৰ’নাত আক্রান্ত হৈছিল ২৮ হাজাৰ ৯০৩ জন। ইয়াৰ ভিতৰত ১৭ হাজাৰ ৮৬৪ জনেই মহাৰাষ্ট্রৰ বাসিন্দা।
যোৱা বছৰ ছেপ্তেম্বৰত আক্রান্তৰ সংখ্যা আছিল ২৯ হাজাৰ, ইয়াৰ পিছত লাহে লাহে হ্ৰাস পায় সংক্রমণৰ হাৰ। কিন্তু দ্বিতীয় ঢৌ অহাৰ পিছত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্রমণ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমানলৈকে মুঠ কৰ’নাত আক্রান্তৰ সংখ্যা হৈছেগৈ ১ কোটি ১৪ লাখ ৩৮ হাজাৰ ৭৩৪ জন। সম্প্রতি সংক্রমণ দ্রুত হাৰত বৃদ্ধি পোৱাত বাঢ়িছে চিকিৎসাধীন ৰোগীৰ সংখ্যাও ৷
ক’ভিডৰ উদ্বেগজনক পৰিস্থিতিক লৈ বুধবাৰে পুনৰ সমগ্ৰ ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভিডিঅ’ কন্ফাৰেন্সত বহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী।
ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যত চলিছে নাইট কার্ফিউ, লক্ডাউন আৰু কন্টেইনমেন্ট জোনৰ কঠোৰ সুৰক্ষবিধি। আহমেদাবাদ, ভদোদৰা, সুৰাট আৰু ৰাজকোটত নাইট কার্ফিউ জাৰি কৰিছে গুজৰাট চৰকাৰে। আনহাতে মহাৰাষ্ট্রৰ একাধিক অঞ্চলত চলিছে লক্ডাউন।
- Log in to post comments
- 11 views