নতুন দিল্লীত ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ প্ৰতিবাদত যোগদান কৰা অসমৰ কৃষক সংগঠনৰ প্ৰতিনিধিক ধন্যবাদ জনাবলৈ কৃষক নেতা যোগেন্দ্ৰ যাদৱ উপস্থিত হ’ল অসমত। কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত “কৃষক আন্দোলন আৰু ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিত গণতান্ত্ৰিক নাগৰিকৰ দায়িত্ব” শীৰ্ষক এক বিশেষ আলোচনা সভাত অংশ গ্ৰহণ কৰি যাদৱে ধন্যবাদ জনাই কয় যে, অসমৰ প্ৰতিনিধিয়ে প্ৰতিবাদকাৰী সকলক ফল-মূল, অসমৰ শাক-পাচলি আৰু গামোচা দি সহায় কৰিছিল।
ইয়াৰোপৰি চলিত চৰকাৰখনৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি তেওঁ কয় যে, যি দলে কৃষকৰ পাগুৰি খুলিবলৈ চেষ্টা কৰিছে, যি দলে কৃষকসকলক সন্ত্ৰাসবাদী আখ্যা দিছে, বিভিন্ন গালি দিছে সেই দলেই ৩ কৃষক বিৰোধী আইন প্ৰণয়ন কৰিছে । তেওঁ কয় যে, কৃষকৰ সৈতে আলোচনা নকৰাকৈ জাপি দিয়া এই ৩ কৃষি আইনৰ বিৰুদ্ধে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ সময় সমাগত।
যোগেন্দ্ৰ যাদৱে কয় যে, প্ৰায় ১০৮ দিন পাৰ হোৱা কৃষক আন্দোলনত ৩০০ কৃষক শ্বহীদ হ’ল ৷ কোনোৱে যদি আত্মহত্যা কৰিছে, কোনোজনৰ দুৰ্ঘটনাত মৃত্যু হৈছে। কোনো আকৌ শাৰীকভাৱে অসুস্থ হৈ মৃত্যু হৈছে। কিন্তু সকলো দেখিও নেদেখাৰ ভাঁও জুৰিছে চৰকাৰখনে ৷ এই সকলোবোৰৰ পিছত বিজেপিৰ এটাই মাথো মন্তব্য আমি গুজৰাটৰ পৌৰ নিগমৰ নিৰ্বাচন জিকিছোঁ ।
তদুপৰি তেওঁ কয় যে, দেশৰ সকলো প্ৰান্তত গৈ সকলোকে অনুৰোধ কৰাৰ কথা বিজেপিক প্ৰত্যুত্তৰ দিবলৈ। যাদৱে কয় যে, কৃষকৰ আন্দোলনৰ বাবে ইতিমধ্যে এই ৩ কৃষি আইনৰ মৃত্যু হৈছে। কিন্তু চৰকাৰে সেই কথা ক’বলৈ চৰকাৰৰ সাহস নাই ।
এই আন্দোলনৰ ফলত কৃষকৰ আত্মসন্মান বৃদ্ধি পোৱাৰ লগতে কৃষকৰ ৰাজনৈতিক শক্তি দেশত পুনৰবাৰ স্থাপিত হৈছে বুলিও মন্তব্য কৰে নেতাজনে ৷ এই আন্দোলনে কৃষকসকলক একত্ৰিত হোৱাৰ শিক্ষা দিলে।
কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত উক্ত আলোচনাচক্ৰত উপস্থিত থাকে কৃষক নেতা ডঃ সুনীলাম, ডঃ সনাতন সিং ।
- Log in to post comments
- 12 views