চলিত মাৰ্চৰ মাহৰ আগন্তুক ৯ দিনৰ ভিতৰত ৫ দিনেই বন্ধ থাকিব বেংকৰ কাম-কাজ। ১১ মাৰ্চ অৰ্থাৎ বৃহস্পতিবাৰে মহাশিৱৰাত্ৰিৰ বন্ধৰ পিছত ১২ মাৰ্চত বেংক সমূহ খোলা থকাৰ বিপৰীতে পুনৰ মাহৰ দ্বিতীয় শনিবাৰ আৰু দেওবাৰে বন্ধ থাকিব বেংক। এই বন্ধৰ পিছত ১৫ আৰু ১৬ মাৰ্চ অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰে বেংক সংগঠনৰ ধৰ্মঘটৰ বাবে বন্ধ হৈ থাকিব বেংকসমূহ।

১২ মাৰ্চত বেংক খোলা থাকিব যদিও বহু বেংক কৰ্মচাৰীয়ে দীঘলীয়া বন্ধৰ বাবে ছুটিত থকাৰ সম্ভাৱনা আছে। গতিকে বন্ধৰ ফলত গ্ৰাহকৰ কৰিব লগীয়া কাম-কাজ সমূহ দীঘলীয়া সময়ৰ বাবে স্থগিত হৈ ৰোৱাৰ সম্ভাৱনা আছে ৷
- Log in to post comments
- 27 views
