ৰাজ্যত আন ২ জনৰ দেহত কৰ’না ব্রিটেন ষ্ট্ৰেইনৰ সন্ধান পোৱা গ’ল। এতিয়ালৈকে পশ্চিমবঙ্গত মুঠ ৬ জনৰ দেহত কৰ’নাৰ বিদেশী প্রজাতিৰ ভাইৰাছ পোৱা গৈছে।
যাৰ ভিতৰত এজনৰ শৰীৰত পোৱা গৈছে দক্ষিণ আফ্রিকাৰ ষ্ট্ৰেইন। যি ক্ষেত্রত কোভিশ্বিল্ডৰ টিকা কার্যকৰী নহয়। আৰু এইটোৱেই মূলতঃ আতঙ্কৰ কাৰণ হৈ উঠিছে।
যোৱা ১০ দিনৰ ভিতৰত আক্রান্তসকলৰ সকলোৱেই ডুবাইৰপৰা ঘুৰি আহিছিল।
উল্লেখ যোগ্য যে, কেৱল ব্রিটেইন আৰু দক্ষিণ আফ্রিকাৰ ষ্ট্ৰেইন নহয়, ভাৰততো ৰূপ সলাইছে কৰ’নাই। ভাইৰাছ তাৰ গতিতেই চলিব। নিজৰ ধৰণেৰেহে শান্ত হ’ব এই ভাইৰাছ ৷
নতুন ষ্ট্ৰেইনৰ বাবে প্রস্তুত থাকিব লাগিব আৰু শৰীৰ বাদ দি অন্য চিন্তা কৰিলে নচলিব। কাৰণ মিউটেন্ট কৰাৰ পিছত তাৰ ক্ষমতা বা গতি পথ ঠিক কোন দিশে তাক লৈ অনুমান কৰিব পৰি নাযায় ৷
কিছুক্ষেত্রত সংক্রমণ হয়তো বাঢ়ি যাব। কিন্তু তাৰ ক্ষমতা কমি আহিব বুলি ভাবিছে বিজ্ঞানীসকলে। তেওঁলোকে এইটোও জনাইছে, ভেক্চিন লোৱা মানে লোকজনৰ আৰু কৰ’না নহ’ব এনেকৈ ভাবি লোৱাটো একেবাৰে উচিত নহ’ব ।
- Log in to post comments
- 12 views