শিৱসাগৰ আৰু মৰিয়নীত মনোনয়নপত্ৰ দাখিল অখিল গগৈৰ

Akhil Gogoi

*মোক লৈ অপপ্ৰচাৰ চলাইছে,মুছলমান বিৰোধী মই নহয়,সাম্প্ৰদায়িকতাবাদৰ মই বিৰোধী-অখিল গগৈ*

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা অসমবাসীলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ অখিল গগৈৰ।''ৰাইজৰ দল'ৰ কাৰাবন্দী সভাপতিগৰাকীয়ে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত বিৰোধীক কৌশলগত মিত্ৰতা কৰাৰ এতিয়াও সময় থকা বুলি উল্লেখ কৰে।

Pic

বিজেপিক পৰাস্ত কৰাৰ বাবে অসমবাসী সাজু হ'বলৈ আহ্বান জনাই গগৈয়ে কয়-"দেশ বিক্রী কৰা বিজেপিক শিক্ষা দিয়ক।ভোট দিয়া সময়ত প্ৰতিজন 'কা' আন্দোলনৰ ৫জন শ্বহীদলৈ মনত পেলাওঁক।"

Pic

'মোক কোনোৱে মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ কৰিছে।মুছলমান বিৰোধী মই নহয়।সাম্প্ৰদায়িকতাবাদৰ মই বিৰোধী'-গগৈয়ে পত্ৰত উল্লেখ কৰিছে।

Pic

বিৰোধীয়ে জধে-মধে প্ৰাৰ্থীত্ব দি বিহাৰৰ নিৰ্বাচনৰ পুনৰাবৃত্তি নকৰিব।বিজেপিক জিকাত কোনেও সহায় নকৰিব বুলি উল্লেখ কৰি গগৈয়ে কয়-"অসমবাসীক বচোৱাৰ স্বাৰ্থত '২১ত বিজেপিক বিসৰ্জন দিব লাগিব।

Pic

জনতাক ধৰ্মীয় নামত ভাগ-ভাগ কৰি ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি ৰাজ্য ঐক্য-সংহতি বিনষ্ট কৰিছে।"

 

অসমবাসীক ৰাইজৰ দলত ভোট দিবলৈ আহ্বান জনাই গগৈয়ে কয় যে এটা দলত সকলোৱে দলে-বলে যোগ দিয়ক।পৰাপক্ষত আঞ্চলিক দল আৰু বাওঁপন্থীক নিৰ্বাচনত ভোট দি জয়যুক্ত কৰক।যদি আঞ্চলিক দল বা বাওঁপন্থী দলত প্ৰাৰ্থী নাই তেওঁলোকৰ জিকা যদি সম্ভাৱনা নাই,তেন্তে বিজেপিক পৰাস্ত কৰিব পৰা বিৰোধী প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়।

উল্লেখ যে শিৱসাগৰ আৰু মৰিয়নীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কাৰাৰুদ্ধ নেতাগৰাকীয়ে।

বিগত ১৫মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকীৰ হৈ সমৰ্থকসকলে সোমবাৰে দুয়োটা সমষ্টিতে মনোনয়নপত্ৰ দাখিল কৰে।সমৰ্থকে মনোনয়নপত্ৰ দাখিল কৰাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে গগৈয়ে সন্মতি প্ৰদান কৰে।

Your Comments