দ্বিপদী কবি ড:সুৰেন্দ্ৰমোহন মহন্তৰ কবিতা সম্পৰ্কে এটা আলোচনা

Pic

--অতুল তামুলী--

আধুনিক অসমীয়া কাব্যজগতৰ এগৰাকী বিশিষ্ট দ্বিপদী কবি ড: সুৰেন্দ্ৰমোহন মহন্ত।কবিগৰাকীয়ে অসমীয়া কাব্য সাহিত্যলৈ ছয়খনকৈ দ্বিপদী কবিতাৰ পুথি উপহাৰ দিছে।'পঞ্চকী' নামেৰে পঞ্চপদী কবিতা আৰু কিছু নাতিদৈৰ্ঘ্যৰ কবিতাও ৰচনা কৰিছে।এই লেখাত ড: মহন্তৰ দ্বিপদী কবিতা সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ।

Pic
      আমি লক্ষ্য কৰিছোঁ অসমীয়া কাব্যসমালোচকসকলে তেওঁলোকৰ প্ৰকাশিত কবিতাবিষয়ক আলোচনামূলক গন্থসমূহত দ্বিপদী কবিতাৰ বিষয়ে আলোচনা নকৰে।এনে কাৰণতে হয়তো এইগৰাকী বিশিষ্ট কবিও তেওঁলোকৰ আলোচনাৰ পৰিধিৰ পৰা বাহিৰত‌।অৱশ্যে এনে কিয় হয় বা হৈছে,সেই বিষয়ে আমি জ্ঞাত নহ‌ওঁ।ড:মহন্তই কিছু বছৰৰপৰা একান্তভাৱে দ্বিপদী কবিতা ৰচনাত মনোনিৱেশ কৰি আহিছে।কবিগৰাকীৰ কবিতাসমূহত চকু ফুৰাই অনুভৱ হোৱা ব্যক্তিগত অভিমত তুলি ধৰাৰ প্ৰয়াস কৰিম।
      ড: মহন্তৰ প্ৰকাশিত কবিতাপুথিকেইখনৰ নাম প্ৰথমেই উল্লেখ কৰোঁ।
১) মন নৈমিষাৰণ্য (২০০৪),
২) পাণ্ডুলিপি মোৰ হৃদয়ৰ (২০০৬ ),
৩) মন মনস্বিনী (২০০৭),
৪) মন শতদ্ৰু (২০১২),
৫) মন মন্দাক্ৰান্তা((২০১৫) আৰু
৬) মন নন্দন কানন (২০১৯)।
      এখনৰ বাহিৰে আন আটাইকেইখনতে 'মন' শব্দটোৱে স্থান লাভ কৰাটো বিশেষ মন কৰিবলগীয়া কথা।আনখনতো মন শব্দটো নাই যদিও মনক সূচিত কৰিবপৰান 'হৃদয়' শব্দটো আছে।ইয়ো তাৎপৰ্যপূৰ্ণ কথা।
     'মন' বুলি কলেই আমাৰ মনত উদয় হয় চিত্ত,অন্তৰ, অন্ত:কৰণ আদিৰ কথা।এটা বিমূৰ্ত ধাৰণা,যাক অনুভৱ কৰিব পাৰি,কিন্তু স্পৰ্শ কৰিবলৈ নোৱাৰি।অথচ যাৰ বিস্তৃতি বিশাল।যি ভাবমূলক,বিষয় নিৰপেক্ষ।

Pic
        ড: মহন্তৰ প্ৰথম ছপাহৈ ওলোৱা 'মন নৈমিষাৰণ্য'ত ১০০টা দ্বিপদী কবিতা সন্নিৱিষ্ট কৰা হৈছে ।
নৈমিষাৰণ্য পুৰাণ বৰ্ণিত গোমতী নদীৰ তীৰত অৱস্থিত এখন নদী।ই আমাক পুৰাকাল আৰু অৰণ্যৰ গভীৰতাৰ কথা সোঁৱৰাই দিয়ে।কবিৰ মনৰ সেই গভীৰ অৰণ্যৰ মাজত সোমাই আছে কিছুমান চিৰন্তন সত্য বাণী বা কথা।সিয়েই নিগৰি ওলাইছে দ্বিপদী পোছাক পিন্ধি। কেইটামান উদাহৰণ-

            --অবিনশ্বৰ--
"কাল বকুল নহয় বছৰত এবাৰহে ফুলিব,
অহৰহ অহাযোৱা 
দুৱাৰ জপায়ো নোৱাৰি ৰুধিব।"(অবিনশ্বৰ-পৃষ্ঠা ৪)
           
"বাহিৰৰ নীলিম আকাশ দৃষ্টিভ্ৰম সত্যতাবিহীন,
অনন্য মোৰ মনৰ আকাশ সত্য,সুন্দৰ সনাতন।"(মোৰ আকাশ-পৃষ্ঠা ৪৯)
                 
"কেৱল কেন্দ্ৰবিন্দুহে থাকে জীৱন বৃত্তৰ,
পৰিধি?অসীম সীমাহীন অনন্ত অপাৰ।"(পৰিধি-পৃষ্ঠা ৫৬)
                
"দস্যু ৰত্নাকৰ থাকিব লাগিব, পিছতহে বাল্মীকি,
সকলো বাল্মীকি হ'লে, বাল্মীকিৰ প্ৰয়োজন কি?" (ইতিহাস-পৃষ্ঠা ৬০)
            
"বিকল্প নাই,জীৱনেই জীৱনৰ বিকল্প মাথোন,
জীৱনেই মহা সত্য,মৃত্যু ভ্ৰান্ত, মৃত্যুত সকলো বিলীন।"(জীৱন তৃষ্ণা-পৃষ্ঠা ৭৭)
    পুথিখনৰ প্ৰতিটো দ্বিপদীয়েই ৰসোত্তীৰ্ণ । সেইবিলাকৰ প্ৰতিটোৰে ভিতৰত সোমাই আছে একো একোটা চিৰন্তন সত্য,সুন্দৰ বাণী।

Pic
       ড: মহন্তৰ শব্দ চয়ন,উপযুক্ত স্থানত যথাৰ্থ শব্দৰ ব্যৱহাৰ,মেদহীন আৰু নতুন ৰচনাশৈলী,ভাবগধুৰ অনুভূতিৰ কাব্যিক প্ৰকাশেৰে জীৱন সম্পৰ্কে কবিৰ উপলদ্ধি মন কৰিবলগীয়া। কবিতাসমূহৰ দ্বাৰা পাঠকক মোহিত কৰি ৰাখিব পৰাটোও এক অনন্য কৃতিত্ব আৰু  প্ৰশংসনীয় কাৰ্য্য।   কবিতাখিনিৰ বিষয়ে বিশদ আলোচনা নকৰি আভাস মাত্ৰ দিলোঁ।
      দ্বিতীয় পুথি "পাণ্ডুলিপি মোৰ হৃদয়ৰ।"ইয়াতো সন্নিৱিষ্ট হৈছে মুঠ ১০০টা কবিতা।কবিৰ ভাষাৰেই অন্তৰৰ পৰা অন্তৰলৈ এক অনন্য সেতু বন্ধনৰ বাবে এটি 'ক্ষুদ্ৰ বাঁহপাত' এই কবিতা সংকলনটি।ইয়াত অনুভূত হয় হৃদয়ৰ গভীৰ অনুভূতিৰ স্পন্দন।প্ৰতিটো কবিতাতে আছে জীৱনৰ গভীৰ তাৎপৰ্য আৰু আছে কবিৰ সন্তুষ্টিৰ বাহ্যিক প্ৰকাশ।
      পুথিখনিৰ কেইটামান দ্বিপদী স্তৱকত চক ফুৰাই চাওঁ আহক-
                  
"মৰভূ হৃদয়তে আছে ওৱেছিছ আপোনাৰ,
ক্লান্ত উটৰ শাৰী আৰু ক্লান্ত পথিকৰ।"(হৃদয়-পৃষ্ঠা ৩)
                 
"তোমাৰ বুকুত ৰোপন কৰিলোঁ,মোৰেই আকাশ
সীমা নাই, ৰপ নাই, গন্ধ নাই, হৃদয় প্ৰকাশ ।"(অনাঘ্ৰাত -পৃষ্ঠা ৫৬)
                 
"টিপচীয়ে নাশে গগণচুম্বী গছৰ গৌৰৱ,
অমৃতময় জীৱনেহে কৰে মৃত্যু পৰাভৱ।"(বিজয়,পৃষ্ঠা ৭৮)
                  । বিৰাগ ।
"নক্ষত্ৰ ক'ত,আকাশত নে তোমাৰ দুচকুত,
ক'তোৱে নজ্বলে তোমাৰ মন নাথাকিলে হৃদয়ত।"(বিৰাগ-পৃষ্ঠা ৯৯)
                  
"হাঁহি চিকমিক বিজুলীৰ ৰেখ, হাঁহি বজ্ৰপাত,
কান্দোন জীৱনৰ পৰিচয় কান্দোনে জীৱন প্ৰপাত।"(পৰিচয়,পৃষ্ঠা ১০০)

      কবিৰ তৃতীয় ছপা দ্বিপদী কবিতাৰ পুথিখন 'মন মনস্বিনী'‌।ইয়াতো ১০০টা কবিতা আছে।'মনস্বিনী', মনস্বী শব্দটোৰ স্ত্ৰীলিংগ। যাৰ অৰ্থ প্ৰজ্ঞা বা জ্ঞান থকা , গভীৰ ধী-শক্তিসম্পন্ন নাৰী। কবিয়ে মনটোক এইৰূপে কল্পনা কৰি,কবিৰ মনৰ অনুভূতিৰাজি প্ৰকাশ কৰিছে।আন দুখন কবিতা পুথিৰ দৰেই ইয়াৰ কবিতাৰাজিৰ মাজেৰে তেখেতৰ দৃষ্টিত ধৰা পৰা , পাৰ্থিৱ জীৱন-দৰ্শন, আধ্যাত্মিক ভাৱনাৰাজি, প্ৰকৃতিৰ প্ৰতি থকা টান,যৌৱনৰ অনুভৱৰ সাৱলীল আৰু সৰস  প্ৰকাশ পাইছে।কবিতাখিনি সুলিখিত।পূৰ্বৰ খ্যাতি অক্ষুন্ন ৰাখিব পাৰিছে ইয়াতো কবিয়ে।তলৰ কবিতাকেইটালৈ মন কৰক-
                 । বিস্ময় ।
"জীৱন নাটকখন কোনে লিখে,কোনে কৰে অভিনয়,
কাৰ পৰশত বাৰু উজলি উঠে,কাৰ পৰশত লয়।"(বিস্ময় -পৃষ্ঠা ২)
    । ওৰণি ।
মেঘে বাৰু কি ঢাকে সূৰ্য্য নে মানুহৰ চকু,
প্ৰেমে কি বিচাৰে সৌন্দৰ্য্য নে মৰমভৰা এখনি বুকু।"(ওৰণি-পৃষ্ঠা ৩)
             
"যদি মৰম কফিনেৰে বান্ধা, মৃত্যু হ'ক মোৰ বাৰংবাৰ,
তোমাৰ বছোৰাত ফুলহৈ ফুলি ৰ'ম শত সহস্ৰ বছৰ ।"(পুনৰ জনম -পৃষ্ঠা ৭)
                 ।বাৰ্তা ।
"ৰামধেনুৰ ৰশ্মিজাল, বগলিৰ শুভ্ৰতা,
অনেক আকাশ, অনেক বতাহ,এক হৃদয় বাৰ্তা।"(বাৰ্তা- পৃষ্ঠা ৩৭)
       
"যৌৱন কামনাৰ বহিৰ্মুখী মিছা হিমালয়,
গোলাপী ওঁঠৰো দেখো সীমা বৃদ্ধত্ব‌ই।"(প্ৰহেলিকা-পৃষ্ঠা ৪৯)
           
"অন্তৰৰপৰা অন্তৰলৈ জীৱন মদিৰা,
স্নেহ বন্ধনত বিকশিত প্ৰেমৰ নিজৰা।"(ৰাগ বসন্ত -পৃষ্ঠা ৮৯)
             
"সহস্ৰ আশাৰে বৰ্ণময় জীৱন সঙ্গীত,
আছে সুৰ-তাল-মান-লয়, সুখদুখ বিপৰীত।"(জীৱন সঙ্গীত-পৃষ্ঠা ৯৮)

       কবিৰ চতুৰ্থ প্ৰকাশিত পুথি "মন শতদ্ৰু''তো ১০০টা কবিতা সন্নিবিষ্ট কৰা হৈছে । শতদ্ৰু হিমালয়ৰ পৰা উত্তৰাখণ্ডৰ মাজেৰে দুৰ্গম পৰ্বত অৰণ্যানি অতিক্ৰমী বৈ অহা এখনি স্ৰোতস্বিনী নদী। যাৰ আন অৰ্থ সফল বিজয়ী।ইয়াত কবিৰ মন স্ৰোতস্বিনীৰ পৰা দুৰ্বাৰ গতিৰে ওলাই অহা অন্তৰৰ ভাবৰ অনুৰণন অনুভৱ কৰা যায়।কবিৰ অন্তৰত 'জীৱনৰ সুৰ','জীৱনৰ লয়'ৰ স্পন্দন অনুভূত হৈছে এনেদৰে-
   "সপ্তসুৰে ঢুকি নাপায় জীৱনৰ সুৰ,
    উপমাবিহীন যি সংগীত লহৰ ।"(জীৱনৰ সুৰ-পৃষ্ঠা )
   "সকলো লয়েই লয় পায় জীৱন লয়ত,
    যিদৰে নদ-নদী লয় হয় সাগৰসঙ্গমত।"(জীৱনৰ লয়- পৃষ্ঠা ৪)
        কবিগৰাকীয়ে সৃষ্টি কৰিছে সুন্দৰ 'চিত্ৰকল্প',ন ন ভাবৰ 'ব্যঞ্জনা' -
  "বিন্দুৰ অস্তিত্ব জানো সিন্ধুত হেৰায়,
   অমৃত মন্থনতো কিয় কালকূট পায় !"(চিত্ৰকল্প - পৃষ্ঠা  )
    "দেহা নুৰিলেও উৰে মানৱৰ মন,
    সূৰ্যৰ অগ্নিতে থাকে পানীৰ গুঞ্জন।(ব্যঞ্জনা-পৃষ্ঠা)
      "মন মন্দাক্ৰান্তা'' ড:মহন্তৰ পঞ্চমখন প্ৰকাশিত কবিতা পুথি।ইয়াত আশীটি দ্বিপদী,পোন্ধৰটি পঞ্চকী আৰু পাঁচটা অলপ দীঘল কবিতা আছে।ইয়াৰ কবিতাসমূহত মৃদু,শান্ত, অচঞ্চল ভাবৰ লহৰ যেন প্ৰৱাহিত হৈছে।
       কবিয়ে কৈছে-
"পুৱাতেই যিয়ে চতিয়াই ৰেঙনি এবুকু আশাৰ,
ৰতোৱালে সামৰি নিয়ে এটি দিন আমাৰো জীৱনৰ।"(চিৰন্তন-পৃষ্ঠা ৫৮)
"আকাশ বতাহ ৰঙীন কৰে তথাপিও গুণহীন বোলা মদাৰক,
মদাৰেও হাঁহিব তোমাক যি বুলি হাঁহা তুমি তাক।" (অৰ্থহীন-পৃষ্ঠা ৭৩)
"চকু দুটা জপাই নিদিবা, চাই ল‌ওঁ সুন্দৰ পৃথিৱী শেষবাৰ,
দেহাটো ভষ্ম হ'লেই, অন্তৰখন আনি থ'বা কাষতে তোমাৰ।" (ইচ্ছা পত্ৰ-পৃষ্ঠা ৪৬)
         কবিয়ে নিজ অভিলাস ব্যক্ত কৰিছে তলৰ পঞ্চকীটোত।(পঞ্চকী পাঁচটা শাৰীৰ কবিতা,যাক পঞ্চপদী বুলিও কোৱা হয়।)

"তোমাৰ মনত আছে যদি চুই চাওঁ
সুন্দৰ আকাশখনি,আছে যদি তাৰ দিগন্ত সীমাৰ,
জ্বলি উঠক যদি জ্বলে, হাজাৰ তৰাৰ বন্তি
হয় হক দেৱালী প্ৰেমৰ।কোৱা চুই চাঁও।
সুনীল আকাশখনি,তোমাৰ মনৰ।"(অভিলাস-পৃষ্ঠা ৮৩)

      ইয়াত কবিৰ ঠিকনাও পাব ।
"তোমাৰ দুচকুত বিচাৰিছোঁ ম‌ই কিয় মোৰেই ঠিকনা
বহু দিনৰ আগতেই হেৰাল যিটো,তুমিওটো জানা?
নদীৰ সোঁতেই যাৰ ঠিকনা, সিয়েইতো জাঁজী।
দুদিন ইয়াত দুদিন তাত, পৃথিৱী ৰঙ্গমঞ্চ কোনেনো নাজানে
দুদিনতে স্থায়ী বুলিলেও, কালৰ সোঁতে উটুৱাই নিয়ে প্ৰতিক্ষণে।"(ঠিকনা-পৃষ্ঠা ৯৩)
      ভগৱানকো স্মৰণ কৰিবলৈ পাহৰা নাই কবিয়ে-
"ককপিটত বহিলেই যাকেই প্ৰণিপাত কৰে সেয়ে ভগৱান,
যিমানেই নিষ্ঠুৰ হ‌ওক,যিমানে বিশ্বাসহীন,যিমানেই থাকক অহংকাৰ,
বহিলেই মনত পেলাই যাক, সেয়ে ভগৱান,আৰু
সেই চিন্তাই ভক্তি।ভক্তি তেনেকৈয়ে আহে
তেনেকৈয়ে,তেনেকৈয়ে ভক্তি জাগে অন্তৰত,জন্মিব‌ই, ভক্তিয়ে মানৱ।('ভগৱান'-পৃষ্ঠা ৯৫)।এয়া কবিৰ অনুভৱ। সকলো হয়তো ইয়াৰ লগত সহমত নহ'ব পাৰে-ব্যতিক্ৰম থাকে সকলোতে।
       এই পুথিখনত পাঁচটা দীঘল কবিতাও আছে। 'আলেখ্য','ৰঘূমলা','ধোঁৱা', 'বহাগ' আৰু 'ফাগুন' ।
   ' আলেখ্য'ত জীৱন আৰু মৃত্যুৰ এখনি সুন্দৰ চিত্ৰপট অঙ্কন কৰিছে কবিয়ে।কৈছে-
     "... মানৱ জীৱন এক শিল্প মহীয়ান
যিদৰে বোলাই লোৱা
তেনেদৰে হয় জ্যোতিষ্মান..."
      'ৰঘূমলা' শীৰ্ষক কবিতাটিত কবিয়ে সম্ভৱ জীৱন লগৰীক উদ্দেশ্য কৰি লিখিছে(আন প্ৰিয়জন,বন্ধু-বান্ধৱো হ'ব পাৰে)।কবিয়ে অনুভৱ কৰে তেওঁৰ জীৱনত কবি ৰঘূমলা।তেওঁৰ ৰস পান কৰিয়েই জীৱন অতিবাহিত কৰিছে।
     '...শুহি শুহি তোমাৰ জীৱন মদিৰা
  প্ৰাণ পাওঁ আৰু পাওঁ জীৱন যৌৱন..." 
        আৰু লিখিছে-
   ''...তোমাৰ সমস্ত সত্তাক গ্ৰাস কৰি
            বন্ধু তোমাক আপোন কৰাৰ
                           ৰঘূমলা নাম যাৰ।"
    'ধোঁৱা'ত কবিয়ে কৈছে-
"...কবিতা নহয় কেৱল ভাৱৰ উল্লাস
 খেলি মেলি মনৰ বিলাস, ..."
        "ব'হাগ"ত ব'হাগৰ এখনি সুন্দৰ ছবি অঙ্কন কৰিছে।কবিৰ বহাগ
                "...বহাগ বহাগহে মাথোন
    এবুকু স্তন্যধাৰা সঞ্জীৱনী জীৱনৰ
                            তুচ্ছ কৰি মৰণক
         তোমাক মোক জীয়াই ৰখাৰ।"
    শেষৰ কবিতা ফাগুন, একেদৰেই ফাগুনৰ ৰঙেৰে উজ্জ্বল।
      এতিয়া আহোঁ কবিৰ শেষৰখন প্ৰকাশিত কবিতাপুথি 'মন নন্দন কানন'লৈ।
       ইয়াৰ গুৰি কথাত কবিয়ে লিখিছে,
"কল্পনাৰ উষ্ম বিন্দু বিন্দু নীৰ মেঘ হয় মনৰ ভাৱৰ-দেশত 
টোপা টোপে অমৃত বৰষি গঢ়ি তােলে নন্দন কোন নতুন ৰূপত।

     "মোৰ নতুন ৰূপৰ নন্দন বন-আন নাম নন্দন কানন,সৰগৰ নন্দন কানন সদৃশ ইয়াতো ফুলি উঠিছে এশপাহি দ্বিপদী পুষ্প,যি ৰূপে-ৰসে-গন্ধে পুষ্ট।"
       এই পুথিৰ প্ৰথম কবিটাটোতে মনৰ আকাঙ্ক্ষা প্ৰকাশ কৰিছে কবিয়ে এনেদৰে-
"মােৰ শৱদেহত দিওঁ বুলি ভাবিছিলা যি পাহ ফুল, 
দিয়া মােক জীয়াই থাকোঁতে, তাৰ বাবে মই হে ব্যাকুল।"(আকাংখ্যা-পৃষ্ঠা ১)
        কবিৰ তৃষ্ণা-
"সাগৰে জানেনে নদীৰ কি আকাংখ্যা,নদীতে কি হাবিয়াস, 
দেশ-দেশান্তৰ বিচাৰি বিচাৰি কিয় দিয়ে আত্মজাহ।"(তৃষ্ণা - পৃষ্ঠা ২১)
      কবিৰ চকুৰ আগত ভাঁহি থকা এখন ছবিলৈ মন কৰক-
"ফুলেহে জানে ভোঁমােৰাৰ গুণ গুণ সুন্দৰ কিমান, 
মৌপান কৰি নিস্ব:কৰাৰ যড়যন্ত্র-প্রলােভন।(ছবি-পৃষ্ঠা ৫০)
     চেনেহ এনাজৰীডাল কবিৰ দৃষ্টিত-
"দেউকাৰ পাখা নাই তেজৰ সঞ্চাৰ, নাই একো শৰীৰ সম্পর্ক, 
চেনেহ এনাজৰী আবদ্ধ এক প্রাণ-উষ্ম,ভাষা তাত নির্বাক নিস্পন্দ।"(এনাজৰী -পৃষ্ঠা ৬২)
      সৰগৰ সন্ধান কৰা শেৱালি মাটিৰ মোহত আৱদ্ধ-
"সৰগ বিচাৰি ওৰে ৰাতি তপস্যাত মগ্ন শেৱালি পাহি, 
সকলাে বাসনা এৰি পুৱাতেই মাটিত শয়ন হাঁহি হাঁহি।"(শেৱালি - পৃষ্ঠা ৬৩)
       মৰণক পাহৰি জীৱনৰ 'জয়গান' গাবলৈ কবিক লাগে দুখন ডেউকা।শেষত কবিয়ে কল্যাণ খড়মান গালে পৃথিৱীত মিলি যোৱাৰ আন্তৰিক আহ্বানেৰে-

"দুখন দেউকা দিয়া দিগন্তক আকোৱালি লওঁ, 
মৰণক পাহৰি এবাৰ জীৱনৰ জয়গান গাওঁ।"(জয়গান- পৃষ্ঠা ৭৯)

"মইতাে তােমাতে মিলিম,দি যাম তােমাক অন্তৰ, 
ৰাখিবানে,হে পৃথিৱী!তুমি থকালৈকে মােৰ উপহাৰ?"(কল্যাণ খড়মান- পৃষ্ঠা ১০০)
      কবিৰ প্ৰকাশিত আটাইকেইখন দ্বিপদী পুথিৰ চমু পৰিচয় দিয়া হ'ল।ইমানতে লেখাটোৰো 'কল্যাণ খড়মান' গাব পৰা হ'লে ভাল আছিল।কিন্তু দুটামান কথা উল্লেখ কৰি নগ'লে আধৰুৱা হ'ব যেন লাগিব।
       কবিৰ জন্ম,লালিত-পালিত তেজপুৰৰ চিপহা সত্ৰৰ আধ্যাত্মিক পৰিৱেশত । স্বাভাৱিকতে তেখেতৰ জীৱনত এই পৰিৱেশৰ প্ৰভাৱ পৰাটো নিশ্চিত।চাকৰি কৰি থকাৰ সয়য়ত আধুনিক নগৰীয়া জীৱনেও কবিগৰাকীৰ জীৱনত প্ৰভাৱ পেলাইছে।সেয়ে ডঃমহন্তৰ দ্বিপদী কবিতাসমূহত এই দুয়োটা দিশেই স্পষ্টভাৱে পৰিস্ফুট হোৱা দেখা যায়। 
        আধুনিক সাহিত্য মূলত: বাস্তৱবাদী।বৈজ্ঞানিক দৃষ্টিভংগী আৰু বস্তুবাদত গুৰুত্ব প্ৰদান কৰাৰ বাবে প্ৰাচীন প্ৰতীক,ৰূপক,উপমা,আদিৰ ঠাইত নতুন প্ৰতীক আদিৰ সৃষ্টি হৈছে।কবিসকলেও নিজৰ ধাৰণাৰে ব্যক্তিগত প্ৰতীক আদিৰ সৃষ্টিত মনোনিৱেশ কৰিছে।ড: সুৰেন্দ্র মোহন মহন্ত ডাঙৰীয়াও এই ক্ষেত্ৰত পিছ পৰি থকা নাই।ইয়াৰ আভাস বিশিষ্ট কবিগৰাকীৰ কবিতাসমূহত পোৱা যায়। কবিতাৰ অন্যতম উপাদান, কল্পচিত্ৰ,প্ৰতীক ছন্দ আদিৰ সঠিক প্ৰয়োগে কবিতাসমূহক পাঠক শ্ৰোতাৰ কাষ চপাই নিয়ে-এইদিশত কবি সফল। প্ৰাঞ্জল ভাষা,শব্দৰ মিতব্যয়ী ব্যৱহাৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ।অযথা জটিল কৰি শব্দচয়ন নকৰাটোও ড: মহন্তৰ অন্যতম কৃতিত্বপূৰ্ণ দিশ।ড:সুৰেন্দ্রমোহন মহন্তৰ ৰচনাৰ পৰা নতুনচাম কবিয়ে শিকিবলগীয়া কথা আছে বুলি বিবেচনা কৰোঁ।আমি আশাকৰোঁ ড:মহন্তই কমেও এহেজাৰ দ্বিপদী যেন অসমীয়া সাহিত্যলৈ অৱদান দি থৈ যায়।

Your Comments

Related Articles