'ৰাইজৰ দল'ৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা:শিৱসাগৰৰ পৰা অখিল গগৈয়ে আগবঢ়াব প্ৰাৰ্থিত্ব

Pic

'ৰাইজৰ দল'ৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা।মঠঘৰীয়াৰ মুখ্য কাৰ্যালয়ত শনিবাৰেে
সংবাদমেলৰ জৰিয়তে কাৰ্যকৰী সভাপতি ভাস্ক' ডি শইকীয়াই ঘোষণা কৰিলে ১৭টা সমষ্টিৰ প্ৰাৰ্থী তালিকা।

কাৰাবন্দী সভাপতি অখিল গগৈৰ অনুমোদনৰ ভিত্তিত প্ৰাৰ্থী তালিকা ঘোষণা।

প্ৰথম পৰ্যায়ৰ ১১টা সমষ্টি আৰু দ্বিতীয় পৰ্যায়ৰ ৬টা সমষ্টিৰ বাবে ঘোষণা কৰে প্ৰাৰ্থী তালিকা।

দলটোৰ সভাপতি কাৰাবন্দী অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ পৰা নির্বাচনত অৱতীৰ্ণ হ'ব।

ইয়াৰ উপৰিও ৰহাত ৰুবুল দাস, 
কমলপুৰত জিতুল ডেকা,দলগাঁৱত ওমৰ আলি,ৰঙিয়াত হৰেশ্বৰ বৰ্মন,
যমুনামুখত দিলোৱাৰ বেগম চৌধুৰী,
ধিঙত মেহবুব মুক্তাব,চাবুৱাত দ্বিপনজ্যোতি ফুকন,টীয়কত কবিন্দ্ৰ চেতিয়া ফুকন,উত্তৰ কৰিমগঞ্জত চাহাবঙল ইছলাম চোধুৰী ওৰফে পাৰুল চৌধুৰী,বোকাখাটত জীৱন চন্দ্ৰ বৰা, মাহমৰাত লোহিত গগৈ
বিহপুৰীয়াত অনুপ শইকীয়া,মৰাণত মোহিনী মোহন লিগিৰা,তেজপুৰত অলক নাথ, ৰঙাপাৰাত বিজয় তিৰ্কী,ৰূপহীহাটত নজৰুল ইছলাম।

Pic

আনহাতে,দলৰ সভাপতি অখিল গগৈয়ে দ্বিতীয়টো সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে মৰিয়নী সমষ্টিৰ পৰা।বৰ্তমান আলোচনা কৰি থকা হৈছে।সংবাদমেলত জনালে দলৰ কাৰ্যকৰী সভাপতি শইকীয়াই।

এজেপি-ৰাইজৰ দলৰ মিত্ৰতা অক্ষুন্ন থাকিব।কিন্তু বহুকেইটা সমষ্টি দুয়োটা দলে প্ৰাৰ্থী ঘোষণা কৰিছে যদিও আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৰাইজৰ দলৰ নেতৃত্বই।

Your Comments