হেঁপাহ

Pic

--পূৰ্ণিমা দেৱী বৰদলৈ--

এবেগেত,ফুট,হাত আৰু
গজেৰে বাঢ়ি আহিল হেঁপাহ।
মিটাৰ, ছেণ্টিমিটাৰ,ডেচিমিটাৰ,
তেহেলৈ থৈ
আগবাঢ়ি হেঁপাহৰ
বোৱতী নৈ
বাই যাওঁ জীৱন ডিঙা
নাই মোৰ পাল
টুলুং ভুটুং নাৱৰ আগত
কোনেনো পাতিলে মায়াজাল?
কেৰেলুৱাৰ দৰে মোৰ গতি
প‌ইছা এটা হ'লোঁ
সুবিধা পাই,পাক খুলি
বগাই যাবলৈ ল'লোঁ
কাৰোবাৰ গচকত চেপেটা হৈ
সমাধিত হেঁপাহৰ
নাম এটি থ'লোঁ।

Your Comments

Related Articles