টীয়ক সমষ্টিত শ্যামকাণু মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ নেত্ৰীৰ

Pic

টীয়ক বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ সম্ভাব্য প্ৰাৰ্থীক লৈ দলীয় কর্মী তথা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ অসন্তুষ্টি।সমষ্টিটোৰ পৰা অগপ দলৰ হৈ শ্যামকাণু মহন্তই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশৰ পিছত মহন্তৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা অগপ  নেত্ৰী মৌচুমী বৰাৰ।

দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থীত্ব প্ৰত্যাশী নেত্ৰী মৌচুুমী বৰাই কয়- "সমষ্টিবাসীয়ে চিনি-জানি নোপোৱা এগৰাকী ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাত আমাৰ আপত্তি আছে।সমষ্টিবাসী জনতাই শ্যামকানু মহন্তক অগপ প্ৰাৰ্থী হিচাপে গ্ৰহণ নকৰে।কাৰণ তেওঁ টীয়কৰ স্থায়ী বাসিন্দা নহয়।"

উল্লেখ যে সমষ্টিটোৰ পৰা মহিলা নেত্ৰীগৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিল।

ইফালে,সমষ্টিটোত শ্যামকাণু মহন্তৰ সলনি অন্য সমষ্টিবাসী প্ৰাৰ্থিত্ব প্ৰত্যাশীক দলৰ টিকট প্ৰদান কৰিলে কর্মীসকলৰ কোনো আপত্তি নাথাকিব বুলিও মহিলা নেত্ৰীগৰাকীয়ে দাবী কৰে।

আনহাতে,বৰ্তমানৰ টীয়কৰ অগপ বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাৰ বিৰুদ্ধে ব্যৰ্থতাৰ গুৰুত্ব অভিযোগ তুলে মহিলা নেত্ৰীগৰাকীয়ে।তেওঁ কয়-"ৰাজখোৱা নামত কেৱল বিধায়িকা হৈ আছে।সমষ্টিত যিদৰে উন্নয়ন হ'ব লাগিছিল হোৱা নাই।"

গুৰুত্বপূৰ্ণ যে দিল্লীত ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে অগপৰ প্ৰাৰ্থী তালিকা।তাৰ মাজতে সংবাদ মাধ্যমত সম্ভাব্য প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ পাইছে।

Your Comments