এজেপি-ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা লৈ আজি অখিল গগৈক সাক্ষাৎ কৰিব লুৰীণজ্যোতি গগৈয়ে

Pic

অসম জাতীয় পৰিষদ-ৰাইজৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত। দুয়োটা দলৰ চূড়ান্ত প্ৰাৰ্থী তালিকা লৈ আজি সন্ধিয়াৰ ভাগত এজেপি সভাপতি লুৰীণজ্যোতি গগৈয়ে সাক্ষাৎ কৰিব ৰাইজৰ দলৰ কাৰাবন্দী সভাপতি অখিল গগৈক।

গুৱাহাটী।মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা বন্দী নেতাগৰাকীক সাক্ষাৎ কৰিব লুৰীণজ্যোতি গগৈয়ে।

উল্লেখ যে ইতিমধ্যে দুয়োটা দলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈছে।চূড়ান্ত প্ৰাৰ্থী তালিকাত ৰাইজৰ দলৰ হৈ অন্তিম মোহৰ মৰাৰ বাবে এজেপি সভাপতি গৰাকীয়ে অখিল গগৈক সাক্ষাৎ কৰিব বুলি বিশেষ সূত্ৰই জানিবলৈ দিয়ে।

সূত্ৰটোৱে লগতে কয় অখিল গগৈ তালিকাক লৈ সন্তুষ্টি হলেই শুকুৰবাৰে দুয়োটা দলে সংবাদমেল যোগে ঘোষণা কৰিব প্ৰাৰ্থীৰ চূড়ান্ত তালিকা।

Your Comments