--অতুল তামুলী--
প্ৰস্তাৱনা :- সাধাৰণতে লেখা এটাৰ প্ৰস্তাৱনা নাথাকে ; কিন্তু এই লেখাটোৰ বিষয়ে আগতীয়াকৈ অলপ ক'ব লাগিব । কিছুদিন আগতে এক বিশেষ তাগিদাত এই নিবন্ধটি লিখিছিলোঁ ।
বিষয়টো তিনিটা ভাগত ভগাই ল'লোঁ ।
(১) বিশ্ব সাহিত্যত আধুনিক কবিতাৰ উন্মেষ কাল ।
(২) অসমীয়া আধুনিক কবিতাৰ উন্মেষকাল । আৰু
(৩) দ্বিপদী কবি কবিতাৰ সন্দৰ্ভত কিছু কথা।
জনাই থওঁ;৯কবিতাৰ আলোচক ৰূপে নহয়, এজন কাব্যপ্ৰেমীৰূপেহে আধুনিক কবিতা সম্পৰ্কে যি বুজোঁ, তাকেই থুলমূলকৈ ক'বলৈ প্ৰয়াস কৰিম । লগতে কাব্যজগতত দ্বিপদী কবিতা বুলি অভিহিত কবিতাবিধৰ বিষয়ে পৰিচিতিমূলক আলোচনা আগবঢ়াম ।
(এক)
বিশ্ব সাহিত্যত আধুনিক কবিতাৰ উন্মেষ কাল-
আধুনিক কবিতাৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথমেই আধুনিক তথা আধুনিকতাৰ বিষয়ে অলপ ধাৰণা দি লোৱা ভাল হ'ব ।
সৰল অৰ্থত সাম্প্ৰতিক মানেই আধুনিক - যি নতুন, পৰম্পৰাক অনুকৰণ নকৰা । আধুনিক-সাহিত্য মানে সমকালীন সাহিত্য: যি সাহিত্যত আধুনিকতা, আধুনিক আদৱ-কায়দাক অনুকৰণ কৰি সৃষ্টি কৰা হয় । আধুনিক কবিতা বাস্তৱবাদী । বাস্তৱবাদ (Realism)ৰ লগতে অধিবাস্তৱবাদেও ( Sur+realism) আধুনিক কবিতাত প্ৰভাৱিত কৰিছে, যি বিংশ শতিকাৰ কলা আৰু সাহিত্যৰ এটা বিশেষ আন্দোলন ।
আধুনিক মানেই যে নতুন তেনে কথাও নহয় । সময়ে সময়ে মানুহৰ ৰুচিৰ সলনি হৈ থাকে । এসময়ত পুৰণি বুলি , গাঁৱলীয়া বুলি অনাদৰ কৰা কিছুমান বস্তুও নতুনকৈ আদৰি লোৱা হয় । তেতিয়া সিও হৈ পৰে আধুনিক । আচলতে আধুনিক শব্দটোৰ অৰ্থ এফালৰ পৰা আপেক্ষিক । আজি যিটো আধুনিক, কাইলৈ হৈ পৰিব পৌৰাণিক। কিন্তু সাহিত্যত আধুনিকতাৰ অৰ্থ কিছু পৃথক ।
প্ৰসিদ্ধ অসমীয়া কবি আৰু কাব্য সমালোচক প্ৰয়াত কবিন ফুকন ডাঙৰীয়াই কৈছিল, " সাম্প্ৰতিক মানেই আধুনিক আৰু আধুনিক মানেই কেৱল সাম্প্ৰতিক হোৱা হ'লে আধুনিকতাৰ নামত কোনো স্থিৰ গুণাগুণ নিৰ্ণয় কৰাৰ প্ৰয়োজনই নহ'লহেঁতেন । আজিৰ আধুনিক কাইলৈ নিশ্চিতভাৱে অতীত আৰু অনা-আধুনিক হৈ যোৱা হ'লে আধুনিকতা শব্দটোৰ সমস্ত তাৎপৰ্য হীন-ডেঢ়ি নোহোৱা চূড়ান্ত আপেক্ষিকতাৰ মাজত সম্পূৰ্ণকৈ ডুবি থাকিলহেঁতেন ।" ( অসমীয়া কবিতাৰ বিচাৰ-বিশ্লেষণ- পৃষ্ঠা ১৩৯)।
তেখেতে আৰু কৈছে,"অতি সাম্প্ৰতিক কবিতা এটাও যেনেকৈ গঢ়গতি বোধি-অনুভূতিত পৌৰাণিক ধৰণৰ হ'ব পাৰে, তাত প্ৰতিফলিত জীৱনবোধো হ'ব পাৰে অতীতমুখী বা অতীতবিলাসী, ঠিক তেনেকৈয়ে আওপুৰণি কাব্যতো,যেনে মহাভাৰত মহাকাব্যতো আমি আধুনিক ধৰণৰ মনন, জীৱনবোধ, শিল্পকলাৰ সোৱাদ পাব পাৰোঁ ।" ( উপৰিউক্ত গ্ৰন্থ -পৃষ্ঠা ১৪৭)।"
এই কথা জ্ঞাতযে, পশ্চিমৰ বিজ্ঞানৰ ন ন আৱিষ্কাৰ, শিল্প-উদ্যোগ স্থাপন, নগৰকেন্দ্ৰিক জীৱনযাত্ৰাই সাহিত্যৰ ক্ষেত্ৰখনতো প্ৰভাৱ পেলাইছিল । সৃষ্টি হৈছিল পৌৰাণিক পৰম্পৰাৰ পৰা পৃথক আধুনিকতাৰ । ইয়াৰ বতাহে কিছু পলমকৈ হ'লেও আমাৰ সাহিত্য জগতখনক কোবাই গৈছিল । ইংৰাজী সাহিত্যত ৰমন্যাসবাদ উকলি যোৱাৰ পিছত ১৯ শতিকাৰ দ্বিতীয় ভাগত ফৰাচী কবিতাত অতি-ৰমন্যাসবাদী ধাৰা আৰু প্ৰতীকবাদী ধাৰাৰ উন্মেষ ঘটিছিল । এই প্ৰতীকবাদেই আধুনিকতাৰ বীজ ৰোপন কৰি যায় । লগতে আমি মনত ৰাখিব লাগিব আধুনিক কবিতা এদিনতে সৃষ্টি হোৱা নাছিল বা ই কোনো এজন ব্যক্তিৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা নাই। ধাৰাবাহিকভাৱে পৰিবৰ্তনৰ মাজেৰে আহিহে এইবিধ নতুন সাহিত্য ধাৰাৰ সৃষ্টি হৈছে ।
এইখিনিতে এটা কথা মনলৈ আহিছে; আজিৰ পৰা চাৰে পাঁচশ বছৰ আগতে আমাৰ শংকৰ-মাধৱ আদি গুৰুসকলে কৰা সৃষ্টিৰাজি সেই সময়ৰ বাবে আছিল নতুন চিন্তাৰে সমৃদ্ধ । পুৰণি পৰম্পৰাৰ পৰা বেলেগ । সেয়ে সিয়ো সেইযুগৰ বাবে আছিল আধুনিক । এতিয়া কিন্তু সেইবিলাক পৌৰাণিক বুলি অভিহিত কৰা হয় ।
বৰ্তমান আধুনিক সাহিত্য বুলি কওঁতে সাম্প্ৰতিক অৰ্থকেই নুসূচায় । ই বহুতো কথাকেই সামৰি লৈছে । এতিয়া আধুনিকতাই সাম্প্ৰতিক সময়ৰ সীমা চেৰাই এটা কালৰ বা যুগৰ সামগ্ৰিক চিন্তাধাৰা, শিল্প-সাহিত্য- সংস্কৃতি, আৰ্থ-সামাজিক ব্যৱস্থা, বৈজ্ঞানিক তথা প্ৰযুক্তিগত প্ৰয়োগ আদি সকলো দিশকে সামৰি লয়; কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই ধাৰণা আগলৈকো বৰ্তি থাকিব । সময়ৰ পৰিবৰ্তনে এই ধাৰণাৰো সলনি কৰিব । কৰিব পাৰে । ইতিমধ্যে অতি-আধুনিক বা অত্যাধুনিক চিন্তাচৰ্চা আহিছেই । অন্যহাতে আধুনিক সাহিত্য বুলি কওঁতে কোনো এক সুনিৰ্দিষ্ট সংজ্ঞা দিব নোৱাৰি ।
বিশ্বসাহিত্য জগতত আধুনিক কবিতাৰ ধাৰাটোৰ কেতিয়াৰপৰা উন্মেষ ঘটিল সেই বিষয়ে কোনেও এতিয়ালৈকে খাটাংকৈ একো কোৱা নাই । যোৱা জুলাই/২০ মাহত প্ৰকাশিত "Modern Poetry" শীৰ্ষক এটা নিবন্ধত বিশিষ্ট কাব্য সমালোচক Allen Parnkin এ লিখিছে, "কবি সকলে বিশ আৰু একৈশ শতিকাত সৃষ্টি কৰা কবিতাই (verse) হ'ল আধুনিক কবিতা ।" অৱশ্যে লগতে কৈছে ,"কোনো কোনোৱে উনৈশ শতিকাৰ এডগাৰ এলেনপো, ৱাল্ট হুইটমেন আদি কবিৰ নাম অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰে । তেখেতে আমেৰিকান কবি ৱাল্ট হুইটমেনক আধুনিক কবিতাৰ প্ৰতিষ্ঠাতাৰূপেও গণ্য কৰিছে ।
আমি অলপ আগলৈ উভতি চাওঁ । বিশিষ্ট কাব্যসমালোচক ক্ৰিষ্টোফাৰ কডৱেলৰ ১৯৩৭ চনত প্ৰকাশিত " Illusion and Reality : A Study of The Sources of Poetry"ত আধুনিক কবিতাৰ বিষয়ে অৱলোকন কৰিছে।তেখেতে লিখিছে যে, "যেতিয়া আমি এটা সাধাৰণ অৰ্থত 'আধুনিক' শব্দটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমি ইউৰোপত প্ৰচলিত সমগ্ৰ জটিল সংস্কৃতিৰ বৰ্ণনা কৰিব লাগিব; যি ইয়াক বিকশিত হোৱাত আৰু বিস্তাৰ লাভৰ ক্ষেত্ৰত পোন্ধৰশ শতিকাৰ পৰা বৰ্তমানলৈকে সামৰি লৈছে । ছেক্সপীয়েৰ, গেলিলিও, মাইকেল এঞ্জেলো, পোপ, গ্যাথে আৰু ভলটেয়াৰ আদিৰ মাজত এনে কিছু 'আধুনিক' আছে যাক আমি হোমাৰ, থালেছ, চচাৰ, ব'উল্ফৰ পৰা পৃথক কৰিব পাৰোঁ আৰু ভেলেৰি, চেজেন, বোমছ, জয়েছ, ভাৰ্গছন আৰু আইনষ্টাইনৰ লগত তুলনা কৰিব পাৰোঁ । এই জটিলতা একো একোটা অৰ্থনৈতিক ভিত্তিৰ ওপৰত স্থিত ।'' কডৱেলে আধুনিক কবিতাৰ সংজ্ঞা দিছিল এনেদৰে-
'Modern poetry is poetry which is always separate from story and has played a special part in the relation of consciousness of the developing bourgeois class to its surroundings.' (Illusion and Reality, Chapter VII)।
ইউৰোপৰ পৰিবৰ্তিত পৰিস্থিতি, বিজ্ঞানৰ প্ৰগতি, ৰাজতন্ত্ৰ আৰু সামন্তবাদী সমাজ ব্যৱস্থাৰ পতনমুখী গতি , গণতন্ত্ৰৰ বিকাশ, বৈজ্ঞানিক সমাজতান্ত্ৰিক ব্যৱস্থা তথা মাৰ্ক্সবাদৰ উত্থান, বিভিন্ন দেশৰ পৰাধীনতাৰ পৰা মুক্তিৰ সংগ্ৰাম, বিভিন্ন শক্তিৰ প্ৰতিযোগিতা, সমাজ-জীৱনত শ্ৰেণীসংঘাত, দুখনকৈ বিশ্বযুদ্ধৰ উপলদ্ধি, জণগণৰ মুক্তি আৰু বিকাশৰ যাত্ৰা, এইবিলাক ঘটনাই আলোড়িত কৰিছিল বিশ্বৰ জনসাধাৰণৰ মন-মগজু । ইউৰোপত সংঘটিত শিল্প-বিপ্লৱ আদিয়ে জনজীৱনৰ পৰিকাঠামো সলনি কৰি , গ্ৰাম্য অৰ্থনীতিৰপৰা নগৰকেন্দ্ৰিক তথা শিল্প-উদ্যোগৰ লগত সম্পৃক্ত এখন নতুন সমাজত সোমাই পৰিছিল । ইয়েই সেই সময়ৰ সাহিত্যৰ জগতখনকো প্ৰভাম্বিত কৰিছিল । স্বাভাৱিক কাৰণতে সমাজ-জীৱনৰ কিছুমান পৰম্পৰাগত ৰীতি-নীতি সলনি হৈছিল আৰু সাহিত্যতো একেদৰেই পৰম্পৰাগত শৈলী পৰিহাৰ কৰি নতুন ধাৰাৰ সাহিত্যৰ সৃষ্টি হ'বলৈ ধৰিছিল । নৱমূল্যায়ন ঘটিল আধুনিকতাৰো । সৃষ্টি হ'ল আধুনিক সাহিত্য , আধুনিক কবিতাৰ।
আধুনিক বস্তুবাদীদৰ্শন তথা মাৰ্ক্সবাদে আধুনিক কবিসকলক আকৰ্ষিত কৰিলে । ইয়াত গুৰুত্ব আৰোপ কৰি বিশ্বৰ সমগ্ৰ নিপীড়িত-নিষ্পেষিত শ্ৰেণীৰ সপক্ষে আৰু সমাজৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত , ইয়াৰ প্ৰতি আস্থাশীল হৈ সাহিত্য-শিল্পত ইয়াৰ প্ৰয়োগ কৰিবলৈ ধৰিলে । মাৰ্ক্সবাদ এক দৰ্শন হ'লেও বস্তুবাদী হোৱাৰ বাবে ই বিজ্ঞানসন্মত দৃষ্টিভংগীৰ ওচৰ চপা । সেয়ে এই মতবাদে হতাশা-নিৰাশা পীড়িত জনগণৰ মনত আশাৰ সঞ্চাৰ কৰিছিল । বিশ্বৰ কবিসকলো ইয়াৰ প্ৰতি আগ্ৰহী হৈ দায়বদ্ধ সাহিত্য সৃষ্টিত গুৰুত্ব দিছিল, যাতে এখন শ্ৰেণীহীন সমাজ গঢ়ি তোলাৰ বাবে সকলোকে জগাই তুলিব পাৰে ।
অন্যহাতেদি ইলিয়টৰ কালৰ পৰা ক্ৰমে ক্ৰমে আধুনিক কবিতা দুৰ্বোধ্য বুলি পাঠকসমাজৰ ওচৰত পৰিগণিত হ'বলৈ আৰম্ভ কৰিছিল । ইয়াৰ অন্যতম কাৰণ হ'ল, শব্দৰ প্ৰয়োগ আৰু অৰ্থ প্ৰকাশৰ জটিলতা, আঙ্গিকৰ নৱতম ব্যৱহাৰ, ভাব-সৰ্বস্বতা ত্যাগ, যুগচেতনা আৰু লেখন চাতুৰ্য, প্ৰতীক-কল্পচিত্ৰৰ সমৃদ্ধ প্ৰয়োগ, জনগণৰ ভাষাতকৈ বৌদ্ধিক ভাষাৰ ব্যৱহাৰ ইত্যাদি।
ইয়াৰপৰা পৰিস্ফূট হৈ পৰে ইতিহাসৰ জ্ঞান নাথাকিলে আধুনিকতাৰ বিষয়ে বুজিবলৈ জটিল । গতিশীল সমাজত সকলোবোৰেই গতিশীল। কবিতাও ইয়াৰ ব্যতিক্ৰম হ'ব নোৱাৰে । ইয়াৰেই পৰিণতিত আগৰ পৰা চলি অহা বন্ধন চিঙি সৃষ্টি হ'ল আধুনিক ধাৰাৰ কবিতাৰ ।
এই আধুনিক ধাৰাৰ ভিতৰতো বহুতো ধাৰা আছে । ইলিয়টৰ জটিল ধাৰাৰ বিপৰীতে সহজসৰল জনগণৰ মুখৰ ভাষাৰে সকলোৰে বোধগম্য হোৱাকৈ কবিতা লিখি প্ৰতিকবিতা নামে প্ৰকাশ কৰিছিল ১৯৫৬ চনত, পাব্লো নেৰুদাৰ সমসাময়িক কবি আৰু বন্ধু চিলিৰ প্ৰতিকবিতাৰ জনকৰূপে অভিহিত নিকানোৰ পাৰ্ৰাই । প্ৰথম অৱস্থাত সকলোৱেই এই কবিতাবোৰক সহজ ভাৱে ল'ব পৰা নাছিল । বিতৰ্ক হৈছিল ।
সেই সময়ৰ প্ৰখ্যাত কবি , সমালোচকসকলৰ দ্বাৰা এই প্ৰতিকবিতা বিলাক কঠোৰভাৱে সমালোচিত হয় ।কিন্তু এতিয়া এই ধাৰাৰ কবিতাকে গৰিষ্ঠজনে আদৰি লৈছে । সাম্প্ৰতিক সময়ত বিশ্বৰ আনকি আমাৰ দেশৰো বহুতো কবিয়েই, জ্ঞাতে বা অজ্ঞাতে এই প্ৰতি কবিতাৰ শৈলীতেই কবিতা ৰচনা কৰি আছে ।
আধুনিক কবিতা বিভিন্ন ৰচনাশৈলীৰে ৰচিত । কথা-কবিতাও ইয়াৰে এটা ভাগ । কিন্তু বহুতেই কথা-কবিতাক কবিতাৰ শাৰীতেই ধৰিব নোখোজে । কথা-কবিতা হ'ল কাব্যৰ ভাবব্যঞ্জক নাতিদীৰ্ঘ গদ্যশৈলীৰ ৰচনা । ইও প্ৰতীক, কল্পচিত্ৰ আদিৰে সমৃদ্ধ । আধুনিক গদ্যশৈলীৰ এবিধ কবিতাৰ ধাৰা ।
একেদৰেই যাদুকৰী বাস্তৱবাদ ( magical realism)ক অৱলম্বন কৰি ৰচনা কৰা কবিতাবিলাক আধুনিক কবিতাত সামৰি লোৱা হয় । বাস্তৱবাদ (Realism), অধিবাস্তৱবাদে (Sur-realism) আধুনিক কবিতাক প্ৰভাৱিত কৰিছে ।
কুৰি শতিকাৰ জীৱনৰ নতুন মূল্যবোধ আৰু বৌদ্ধিক ধ্যান-ধাৰণাই কবিতাক নতুনত্ব প্ৰদান কৰিছে । ফ্ৰয়েডীয় মনস্তত্বকো আধুনিক কবিতাত আদৰি লোৱা হৈছে ।
পুৰণি জাপনী হাইকুশৈলীৰ আৰ্হিত লিখা কবিতাইও সাম্প্ৰতিক সময়ত আধুনিক কবিতাত স্থান লাভ কৰিছে ।
প্ৰতি কবিতাৰ (Anti poetry)ৰ কথা আগতে উল্লেখ কৰা হৈছে ।
সাম্প্ৰতিক সময়ত পুৰণি ছন্দশৈলীত ৰচনা কৰা কবিতাকো ইয়াৰ ভাব আৰু বিষয়বস্তুৰ আধাৰত আধুনিক কবিতাৰ শাৰীত ৰখা হৈছে ।
এইখিনিতেই আধুনিক কবিতাৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰোঁ । বিশিষ্ট কাব্যসমালোচক আৰু কবিসকলৰ মতে বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ-
১) আধুনিক কবিতামানেই সহজসৰল ভাষাত ৰচিত কবিতা । প্ৰতিদিনৰ কথাবাৰ্তাত ব্যৱহাৰ কৰা ভাষা, উপভাষা আনকি অৰ্থহীন কথাৰ প্ৰয়োগ । ৰিউৱাড কিপলিঙৰ "The jargon of soldiers"(সৈনিকৰ অৰ্থহীন কথা ) কবিতাটো ইয়াৰ উত্তম উদাহৰণ।
২) আধুনিক কবিতা প্ৰধানকৈ পৰিশীলিত; যুগৰ লগত ৰজিতা খোৱা । টি এছ ইলিয়টৰ "The waste land ( পতিত ভূমি) অন্যতম উদাহৰণ।
৩) বিচ্ছিন্নতা : কবি পাঠকৰ পৰা বিচ্ছিন্ন হোৱাৰ পৰিণতিত কবিতা আধুনিক মানুহৰ পৰা বিচ্ছিন্ন হৈ পৰিছে ।
৪) বিখণ্ডিতকৰণ : আধুনিক কবিতা কেতিয়াবা কেতিয়াবা ভগ্ন চিত্ৰৰ দৰে শ্ৰেণীবদ্ধ হৈ পৰে । ইলিয়েটৰ 'পতিত ভূমি' ইয়াৰ সুন্দৰ উদাহৰণ ।
৫) আধুনিক কবিতা অতিমাত্ৰাই মানসিক বা জ্ঞান সম্বন্ধীয় । ই কবিৰ মনত সৃষ্টি হৈ পাঠকৰ মনৰ সন্ধান কৰে বা ওচৰ চাপে । টি এছ ইলিয়টৰ কবিতাবোৰ ইয়াৰ উৎকৃষ্ট উদাহৰণ ।
৬) আধুনিক কবিতা জীৱনৰ কুৎসিৎ দিশটোৰ প্ৰতিও আকৰ্ষিত । উদাহৰণ এল্লেন গিন্ছবাৰ্গৰ কবিতা।
৭) বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ মানুহৰ দুৰ্দশাগ্ৰস্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আধুনিক কবিতা হৈ পৰিছে হতাশাপূৰ্ণ । থমাছ হাৰ্ডিৰ অধিক সংখ্যক কবিতাতেই ইয়াৰ নিদৰ্শন পোৱা যায় ।
৮) বহুসময়ত আধুনিক কবিতাই পৰামৰ্শদাতাৰ দৰে কাম কৰে ।
৯) আধুনিক কবিতা মহাজাগতিক । ই সকলো সময়তে, সকলো ঠাইতে মানুহৰ সমস্যাৰাজি, মানৱীয়তা আদিৰ সৈতে সম্পৰ্ক ৰাখে ।
১০) সম্প্ৰৰীক্ষা আধুনিক কবিতাৰ অন্য এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আধুনিক কবিতাই প্ৰতিনিয়ত ইয়াৰ পটভূমি, নতুন ভাষা, নতুন প্ৰকাশশৈলীৰ সন্ধান কৰে ।
কুৰি শতিকাৰ আধুনিক কবিতাৰ লক্ষণ বা বৈশিষ্ট্যসমূহ থুলমূলকৈ এনেদৰেও ক'ব পাৰি ।
- বিষয়বস্তুৰ বিভিন্নতা
- বাস্তৱতা
- প্ৰেম
- হতাশাবাদ
- ৰোমান্টিক উপাদানসমূহ
- প্ৰকৃতি
- মানৱীয় আৰু গণতান্ত্ৰিক প্ৰমূল্য
- ধৰ্ম আৰু ৰহস্যবাদ
- শব্দচয়ন আৰু ৰচনাশৈলী ।
(দুই)
অসমীয়া কাব্য জগতত আধুনিক কবিতাৰ উন্মেষ কাল-
অসমীয়া কাব্যসাহিত্যত আধুনিক কবিতাৰ প্ৰৱেশ সম্পৰ্কে কবলৈ যাওঁতে প্ৰথমেই নাম ল'ব লাগিব ৰমন্যাসবাদী কবি দেবকান্ত বৰুৱা আৰু মাৰ্ক্সবাদী আদৰ্শৰে পুষ্ট কবি ধীৰেন দত্তৰ নাম । ১৯৩৫ চনত প্ৰকাশিত ,কবি দত্তৰ ''অভিযান'' কবিতাপুথি খনিৰ কাঠমিস্ত্ৰীৰ ঘৰ"ত আধুনিক কবিতাৰ ৰেঙণি পোৱা যায় । একেদৰে ১৯৩৯ চনত প্ৰকাশিত দেবকান্ত বৰুৱাৰ 'সাগৰ দেখিছা' আৰু 'আমি দুৱাৰ মুকলি কৰো' আছিল এই নতুন ধাৰাৰ কবিতাৰ অন্যতম নিদৰ্শন । ইয়াৰ পিছত দ্বিতীয় মহাযুদ্ধৰ প্ৰাকমুহূতত হেমবৰুৱাৰ 'বান্দৰ', মহেশ্বৰ নেওগৰ 'অন্ত্যজা' ই আধুনিক কবিতাৰ পৃষ্ঠভূমি নিৰ্মাণ কৰে । এই খিনিতে মনলৈ অহা ভাব এটা উল্লেখ কৰিব খুজিজোঁ । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ 'পকাচুলি', 'চালনী আৰু বেজী' আৰু কেইটামান কবিতাত ক্ষীণকৈ হলেও যেন আধুনিক কবিতাৰ আভাস আছে ।
দ্বিতীয় মহাযুদ্ধৰ কালছোৱাই অসমৰ আৰ্থ-সামাজিক গাঁথনি সলনি কৰাৰ সমান্তৰালভাৱে জনগণৰ চিন্তা-চেতনাৰ স্ৰোতো সলনি কৰিলে । ভাব-বিলাসী আদৰ্শপ্ৰৱণতাৰ ঠাইত গা কৰি উঠিল বস্তুনিষ্ঠ প্ৰগতিবাদী মানসিকতাৰ - চিন্তাৰ । সাহিত্য-সংস্কৃতিতো ইয়াৰ প্ৰভাৱ পৰিল । কেইজনমান সাম্যবাদী আদৰ্শৰে পুষ্ট সাহসী যুৱকে ১৯৪৩ চনত প্ৰকাশ কৰিলে 'জয়ন্তী' আলোচনী । ই সম্ভৱ হ'ল ত্ৰিমূৰ্তি - চক্ৰেশ্বৰ ভট্টাচাৰ্য , কমলনাৰায়ণ দেৱ আৰু ভবানন্দ দত্তৰ ঐকান্তিক চেষ্টা আৰু সহযোগত ।
'জয়ন্তী'ত নতুন চিন্তাধাৰাৰ প্ৰবন্ধ-পাতি প্ৰকাশ হোৱাৰ লগতে নতুন ধাৰাৰ কবিতাও প্ৰকাশ হ'বলৈ ধৰিলে । প্ৰকৃততেই অসমীয়া সাহিত্যক আধুনিকতাৰ দিশে আগুৱাই নিয়াত বাটকটীয়াৰ ভূমিকা পালন কৰিলে 'জয়ন্তী'য়ে । ইয়াত প্ৰকাশিত ভবানন্দ দত্তৰ কবিতা 'নাচিকেতা', 'ৰাজপথ', চক্ৰেশ্বৰ ভট্টাচাৰ্য্যৰ 'এটকীয়া নোট', অমূল্য বৰুৱাৰ 'কুকুৰ', 'বেশ্যা', 'কয়লা', 'আন্ধাৰৰ হাহাকাৰ', 'বিপ্লৱী' আদি 'জয়ন্তী'ৰ অসমীয়া আধুনিক কবিতালৈ বিশিষ্ট অৱদান । অমূল্য বৰুৱাক 'জয়ন্তী'ৰ শ্ৰেষ্ঠ কবি বুলিও অভিহিত কৰা হয় ।' 'জয়ন্তী'ৰ অন্য কবিসকলৰ মাজত আছিল হেম বৰুৱা, বীৰেন বৰকটকী, নৱকান্ত বৰুৱা, অজিৎ বৰুৱা আদি ।
নৱকান্ত বৰুৱাই পৰৱৰ্তী সময়ত অসমীয়া কবিতাত নেতৃত্ব বহন কৰিছিল ।
আমাৰ কাব্যসমালোচক সকলে অমূল্য বৰুৱা, হেমবৰুৱা আদিক অসমীয়া আধুনিক কবিতাৰ বাটকটীয়া বুলি অভিহিত কৰিব খোজে । এই প্ৰসঙ্গত কোনো অভিমত নিদিওঁ কিয়নো ওপৰত ইয়াৰ আভাস দিয়া হৈছে ।
সমালোচক সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে যে, 'কুৰি শতিকাৰ পঞ্চম দশকতহে নতুন কবিতাৰ ধাৰাটিয়ে , অৰ্থাৎ আধুনিকতাবাদী কবিতাই সন্ঢালনীৰূপে অনুশীলিত হ'বলৈ ধৰে ।' লগতে কৈছে, এই কবিতাৰ প্ৰধান বৈশিষ্ট্য হ'ল বিষয়বস্তু, শব্দচয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ, কল্পচিত্ৰ, আৰু দৃষ্টিভঙ্গী সকলো পুৰণি
কাব্যৰীতিৰ পৰা আঁতৰি অহাটো ।
এখেতে আধুনিক কবিতাক দুটা উপশাখাত বিভক্ত কৰিছে । এটা দন্দ্বাত্মক ভৌতিকবাদত বিশ্বাসী শাখা আৰু আনটো সমাজবাদত বিশ্বাসী যদিও ব্যক্তিসত্তাৰ স্বাতন্ত্ৰ্য অস্বীকাৰ কৰিব নোখোজা সকলৰ শাখা ।
এখেতে কৈছে যে," দন্দ্বাত্মক ভৌতিকবাদীয়ে এখন আধ্যাত্মিক জগতত বিশ্বাস নকৰে, আন বহুতেই কিন্তু আস্থা নাৰাখিলেওঁ অবিশ্বাস নকৰে । এই শ্রেণীৰ কবিৰ বিশ্বাস যে জীৱনৰ দৰেই কাব্যও চিৰগতিশীল। বর্তমান যুগ প্রশ্ন, সমস্যা, দ্বিধা, সন্দেহ, যুক্তি আৰু বিজ্ঞানৰ যুগ। এই যুগক প্রতিফলিত কৰিবলৈ হ'লে কেৱল ফুল, চৰাই, বসন্ত, মলয়া, নাৰী-সৌন্দর্যৰ ৰূপ দিলেই নহ'ব, আধুনিক জগতৰ প্রতিভূস্বৰূপ সকলাে বস্তুকে উপাদানৰূপে গ্ৰহণ কৰিব লাগিব।"
লগতে কৈছে , "চক্রেশ্বৰ ভট্টাচাৰ্য্য সম্পাদিত চল্লিশৰ দশকৰ মাজভাগৰ 'জয়ন্তী'ত ভবানন্দ দত্ত, অমূলা বৰুৱা আদি কেইজনমান প্রগতিবাদী যুৱকে ৰোমান্টিক কাব্যৰ বাস্তৱবিমুখ, কল্পনাসর্বস্ব কাব্যৰ বিৰুদ্ধে ক্রান্তিকাৰী চেতনা আৰু সমাবাদী ধাৰণাৰ বাহক স্বৰূপে কবিতা প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰে। কিন্তু কবিতাৰ নতুন পথৰ সন্ধান দিলে যদিও তেওঁলােকৰ কবিতাই কাব্যিক সংকেদনশীলতা লাভ কৰিব নােৱাৰিলে, নন্দনতাত্ত্বিক দৃষ্টি-ভঙ্গীৰ অভাৱত। তথাপি আধুনিক কবিতাৰ (শব্দটো আপেক্ষিক) বাটকটীয়াৰূপে তেওঁলােকক স্বীকৃতি নিদি নােৱাৰি।"
(দ্ৰ: অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত)।
এই বক্তব্যত এটি নেতিবাচক দৃষ্টি-ভঙ্গী প্ৰতিফলিত হৈছে । সঁচাকৈয়ে এওঁলোকৰ কবিতাত নন্দনতাত্ত্বিক দৃষ্টি-ভঙ্গীৰ অভাৱ আছিল নেকি বিচাৰ্যৰ বিষয় ।
সাম্প্ৰতিক সময়ৰ আধুনিকতাবাদী বহুত কবিয়েই পুৰণি ৰোমান্টিক বিলাসৰ পৰা মুক্ত নহয় । তেওঁলোকৰ কবিতাত আংগিক আদি আধুনিক ,যদিও বিষয়বস্তু আধুনিক চিন্তাৰে সমৃদ্ধ নহয় । এইসকলক আমি নিশ্চয় তৃতীয় এটা উপশাখাত অন্তৰ্ভুক্ত কৰি অভিহিত কৰিব পাৰোঁ আধুনিক নৱন্যাসবাদী কবি ৰূপে । এওঁলোক বাস্তৱৰপৰা আঁতৰি কেৱল কাল্পনিক ভাববিলাসত ওপঙি ফুৰে ।
(তিনি)
দ্বিপদী কবিতাৰ(couplet) সন্দৰ্ভত আলোকপাত-
সদ্যহতে সাম্প্ৰতিক সময়ৰ অসমীয়া কবিতাৰ বিষয়ে আলোচনা কৰাৰ পৰিবৰ্তে, দ্বিপদী কবিতাৰ সন্দৰ্ভতহে আলোচনা কৰিম।
আমি লক্ষ্য কৰিছোঁ অসমীয়া কাব্যসমালোচকসকলে তেওঁলোকৰ প্ৰকাশিত কবিতাবিষয়ক আলোচনামূলক গ্ৰন্থসমূহত দ্বিপদী কবিতাক আলোচনাত ঠাই দিয়া নাই, সেয়ে এনে কাৰণতে হয়তো ছয়খনকৈ দ্বিপদী কবিতাৰ পুথি তথা ছয় শতাধিক দ্বিপদী কবিতা সৃষ্টি কৰোঁতা ড°সুৰেন্দ্ৰমোহন মহন্ত ডাঙৰীয়াৰ বিষয়ে আমাৰ বহু কাব্যপ্ৰেমিকেই জ্ঞাত নহয় । এইগৰাকী বিশিষ্ট কবিও তেওঁলোকৰ আলোচনা পৰিধিৰ পৰা বাহিৰত । অৱশ্যে এনে কিয় হয় বা হৈছে, সেই বিষয়ে আমি অজ্ঞাত ।এই আলোচনাত কেৱল কবি গৰাকীৰ নামহে উল্লেখ কৰা হ'ল । পিছত তেখেতৰ বিষয়ে লিখিম ।
থোৰতে দ্বিপদী কবিতা সম্পৰ্কে-
দ্বিপদী কবিতা হ'ল, প্ৰায় সম দৈৰ্ঘ্যৰ ছন্দৰ মিল থকা দুশাৰীৰ কবিতা ইংৰাজীত যাক couplet বুলি কোৱা হয়। কোনো কোনোৱে ছন্দৰ মিল নথকাকৈয়ো দ্বিপদী কবিতা ৰচনা কৰিছে । কিছুমান দ্বিপদী কবিতাৰ প্ৰথম শাৰীটোত প্ৰশ্ন আৰু দ্বিতীয় শাৰীত তাৰ উত্তৰ থাকে ।
এই দ্বিপদী কবিতাৰ প্ৰথম স্ৰষ্টা কোন আৰু ইয়াৰ সৃষ্টি ক'ত ! আমি দ্বিধাহীনভাৱে ক'ব পাৰোঁ দ্বিপদী কবিতাৰ প্ৰথম সৃষ্টি হয় ভাৰতবৰ্ষত আৰু ইয়াৰ স্ৰষ্টা আছিল আদিকবি বাল্মিকী । এই বিষয়ে পিছত আলোচনা কৰিম । তাৰ আগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ বিভিন্ন ভাষাৰ সাহিত্যত দ্বিপদী কবিতাৰ কেতিয়াৰ পৰা আছে সেই বিষয়ে সন্ধান কৰি চোৱা যাওক ।
ইংৰাজী সাহিত্যত 'চচাৰ'(Chaucer)এ দীঘলীয়া কবিতাত দুটা শাৰীৰ স্তৱক হিচাপে প্ৰথম দ্বিপদী ছন্দৰ সৃষ্টি কৰা বুলি কোৱা হয়। ইয়াৰ পিচত চাৰ পি ছিডনি আৰ্কেডাই ১৫৯০ চনত দ্বিপদী ছন্দ সৃষ্টি কৰে। ১৭শ আৰু ১৮শ শতিকাত ক্ৰমে জন ড্ৰাইডেন আৰু আলেকজন্দাৰ পোপে দ্বিপদী ছন্দত কবিতা ৰচনা কৰে । শেক্সপীয়েৰৰ চনেট ১৮ ৰো শেষৰ দুই শাৰী দ্বিপদী ছন্দৰ।
ফাৰ্চী সাহিত্যত ৯ম শতিকাতে দ্বিপদী কবিতা ৰচনা কৰা বুলি জনা যায়। মাছনাভি( মছনৱী-Masnavi s) বুলি জনাজাত কবিতাসমূহ দ্বিপদী ছন্দত ৰচিত । মাছনাভি আচলতে দুশাৰীত ছন্দ মিলাই লিখা দীঘল কবিতা । ফিৰদৌছীয়ে তেওঁৰ সাহিত্যিক জীৱনৰ সুদীৰ্ঘ ৩৫ বছৰত প্ৰায় ৬০ হাজাৰ দ্বিপদবিশিষ্ট কবিতা ৰচনা কৰিছিল ।
ফাৰ্চী মৰ্মি সাহিত্যত হাকিম ছানাই গাজনৱী (Sanai Ghaznavi- ১০৮০ খৃ:-১১৩১ খৃ:)ক দ্বিপদী কবিতা বা মাছনাভিৰ জনক বা প্ৰথম স্ৰষ্টা হিচাপে গণ্য কৰা হয়।
চীনদেশীয় প্ৰাচীন সাহিত্যতো দ্বিপদী কবিতা আছে । এনেদৰে বিশ্বৰ বিভিন্ন ভাষাৰ সাহিত্যত দ্বিপদী ছন্দৰ কবিতা পোৱা যায়।
প্ৰাচীন ভাৰতত সংস্কৃত ভাষাত ৰচনা কৰা ৰামায়ণত দ্বিপদী কবিতা প্ৰথম পোৱা যায় আৰু ৰচনা কৰিছিল কবিতাৰ প্ৰথম স্ৰষ্টা 'আদিকবি' বুলি আখ্যা দিয়া মহাকবি বাল্মিকীয়ে । তেখেতে সংস্কৃত ভাষাত ৰচনা কৰা তেখেতৰ প্ৰথম শ্লোক বা কবিতাটোৱেই আছিল দ্বিপদী ছন্দৰ এটা স্বয়ং সম্পূৰ্ণ কবিতা । ইয়েই দ্বিপদী কবিতাৰ প্ৰথম নিদৰ্শন ।
"মা নিষাদ প্রতিষ্ঠাং ত্বমগমঃ শাশ্বতীঃ সমাঃ।
যৎ ক্রৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম্।।"
ইফালে প্ৰাচীন ভাৰতৰ তামিল সাহিত্যতো 'তিৰুক্কুৰাল' নীতিকথাত ১৩৩০ টা দ্বিপদী কবিতা পোৱা যায় । এই দ্বিপদী বিলাকত ৭টাকৈ শব্দ আছিল- প্ৰথম শাৰীত ৪টা শব্দ আৰু দ্বিতীয় শাৰীত ৩টা ।
এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল "দ্বিপদী ছন্দ" আৰু "দ্বিপদী কবিতা"ৰ মাজত এটা স্পষ্ট পাৰ্থক্য আছে। দ্বিপদী কবিতাবিলাক স্বয়ং সম্পূৰ্ণ একোটা কবিতা; কিন্তু দ্বিপদী ছন্দ দীঘল কবিতাৰ একো একোটা স্তৱক ।
অসমীয়া ভাষাত দ্বিপদী কবিতা প্ৰথম কোনে ৰচনা কৰিছিল সেই বিষয়ে লিখিত তথ্য পাবলৈ নাই । অসমীয়া লোক সাহিত্যত দুশাৰীৰ সাঁথৰ আছে , কিছুমান দ্বিপদী ফকৰা-যোজনাও আছে । প্ৰাচীন অসমীয়া সাহিত্যতো নিশ্চয় দ্বিপদী কবিতাৰ নমুনা পোৱা যাব। শংকৰদেৱৰ কীৰ্ত্তনৰ প্ৰায়বিলাক ঘোষাই দ্বিপদী ছন্দৰ। মাধৱদেৱ বিৰচিত নামাঘোষাতো দ্বিপদী ছন্দৰ ঘোষা পোৱা যায় ।
ইয়াৰ উপৰিও মাধৱ কন্দলিৰ ৰামায়ণতো দ্বিপদী ছন্দৰ কবিতা আছে।খুঁচৰিলে হয়তো আৰু উদাহৰণ ওলাব পাৰে।এই বিষয়ে ইমানেতে এৰিলোঁ ।
ড° সুৰেন্দ্ৰমোহন মহন্তদেৱে কিছু বছৰৰপৰা একান্তভাৱে দ্বিপদী কবিতা ৰচনাত মনোনিবেশ কৰি আহিছে ( এই লেখকৰো ইতিমধ্যে ৫০টামান দ্বিপদী কবিতা প্ৰকাশ পাইছে)।
এতিয়া আমাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, ড° মহন্তদেৱৰ এই দ্বিপদী কবিতা বিলাক আমি কোনটো ধাৰাৰ কবিতা বুলি ধৰিম - পৌৰাণিক নে আধুনিক ?
আধুনিক কবিতাৰ বিষয়ে আলোচনা কৰোঁতে উল্লেখ কৰিছোঁ সাম্প্ৰতিক মানেই আধুনিক নহয় । সাম্প্ৰতিক কবিতাতো পৌৰাণিক ধাৰাৰ প্ৰতিফলন ঘটিব পাৰে । কাব্য সমালোচক ড° কবীন ফুকনে ইয়াৰ এটা সৰলীকৃত সমাধান আগবঢ়াইছে । লিখিছে, " আধুনিকতাত কিছুমান অনন্ত অব্যয় গুণ থাকে বুলি ভাবিলেও স্বীকাৰ কৰিব লাগিব যে স্থান কাল ভেদে 'আধুনিক' আৰু 'আধুনিকতা' শব্দৰ অৰ্থ আৰু ব্যঞ্জনাৰ কিছু ইফাল সিফাল নি:সন্দেহে হয় । অৱশ্যে আধুনিক অসমীয়া কবিতা বুলি কওঁতে সাধাৰণতে আমি সাম্প্ৰতিক কবিতাকহে বুজোঁ ।" এই ফালৰ পৰা চালে ড° মহন্তদেৱৰ দ্বিপদী কবিতাক আধুনিক কবিতা বুলিয়েই ধৰিব লাগিব ।
আকৌ তেখেতে লিখিছে " কিন্তু তাত্ত্বিকভাৱে ক'ব লাগিবযে পৌৰাণিক কাব্যতো 'আধুনিকতা' মূৰ্ত হৈ থাকিব পাৰে আৰু নবীন কাব্যতো 'আধুনিকতা'ৰ জুতি সমূলিয়েই নাথাকিব পাৰে ।" গতিকে ইয়াৰ বিচাৰ কৰাৰ দায়িত্ব কাব্য সমালোচকসকলৰ । আমি যিহেতু কাব্যপ্ৰেমী পাঠক-শ্ৰোতাহে, তেনে আলোচনা কৰাৰ ধৃষ্টতা নাই । ইয়াৰ বিচাৰৰ ভাৰ আনলৈ এৰিলোঁ।
- Log in to post comments
- 4355 views