নতুন বছৰটোত বহুবোৰ পৰিৱৰ্তনৰ লগতে সলনি হৈছে গেছ চিলিণ্ডাৰৰ নিয়ম ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, অনুমান কৰা হৈছে যে অতি শীঘ্ৰে এল পি জি চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত সাল-সলনি কৰা হ’ব। যদিও এই পৰ্যন্ত এই সন্দৰ্ভত চৰকাৰী পক্ষৰপৰা কোনো তথ্য জানিবলৈ দিয়া হোৱা নাই। ডিচেম্বৰ মাহত এল পি জি চিলিণ্ডাৰৰ মূল্য প্ৰায় ১০০ টকা বৃদ্ধি পাইছিল ।
উল্লেখযোগ্য যে আন্তৰ্জাতিক বজাৰত তেলৰ দাম আৰু ফৰেইন এক্সচেঞ্জ ৰেটৰ ওপৰত নিৰ্ভৰ কৰি এল পি জি চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰা হয়।
পেট্ৰ’ল-ডিজেলৰ দাম যিদৰে প্ৰতিদিনে পুৱা ৬ বজাত সলনি কৰা হয়, ঠিক একেদৰে নতুন বছৰৰপৰা দেশত প্ৰতি সপ্তাহতে গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা হ’ব পাৰে ।
- Log in to post comments
- 21 views