অযোধ্যাৰ ৰামমন্দিৰৰ তলেৰে সৰযূ নদীৰ স্রোত পোৱা গৈছে। সেয়া মন্দিৰৰ ট্ৰাষ্টী ব’ৰ্ডে জুকিয়াই চোৱা নাছিল ৷ মন্দিৰৰ নিৰ্মাণ যাতে মজবুত হয়, তাৰ বাবে এতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন’লজি (IIT) ৰ ওচৰত অধিক সুন্দৰ নক্সা বিচাৰিছে মন্দিৰ কর্তৃপক্ষই।অযোধ্যাৰ ৰামমন্দিৰ নির্মাণ কমিটিৰ প্রধানৰ দায়িত্বত আছে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রাক্তন মুখ্য সচিব নৃপেন্দ্র মিশ্র।তেওঁ সম্প্রতি এই বিষয়ে আলোচনাত বহিছে। তাতেই তেওঁ জনাইছে, যিহেতু মন্দিৰৰ তলেৰে পানীৰ অস্তিত্ব পোৱা গৈছে সেয়েহে বর্তমানৰ নক্সা মজবুত নিৰ্মাণৰ বাবে উপযুক্ত নহয়। সূত্রৰ খবৰ অনুসৰি, ৰাম জন্মভূমি তীর্থ ক্ষেত্র ট্রাষ্টে আইআইটি-ক অনুৰোধ কৰিছে মজবুত নিৰ্মাণৰ বাবে অধিক উন্নত মানৰ নক্সা তৈয়াৰ কৰিবলৈ। যদিও আইআইটিৰ তৰফৰপৰা এই বিষয়ে এতিয়াও একো জানিব পৰা হোৱা নাই। মন্দিৰৰ ট্রাষ্টী ব’র্ডে দুটা বিকল্পৰ বিষয়ে আলোচনা কৰিছে। তাৰ ভিতৰত এটা হ’ল মন্দিৰ ভাইব্র’ পাথৰৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা। আনটো বিকল্প হ’ল মাটিৰ ধাৰণ ক্ষমতা বঢ়াবলৈ মাটিৰ ভিতৰত ইঞ্জিনিয়াৰিং সামগ্রী মিহলাই দিয়া।
সকলো ঠিকেঠাক থাকিলে ২০২৩ চনত ৰাম মন্দিৰৰ নির্মাণকাৰ্য শেষ সম্পূৰ্ণ হোৱাৰ কথা। উল্লেখযোগ্য যে ২০২০ চনৰ ৫ আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল প্রধানমন্ত্রী মোদীয়ে । ভূমিপূজাৰ পিছদিনাৰপৰাই মন্দিৰ নির্মাণৰ কাম আৰম্ভ হৈছিল ।
জানিবলৈ পোৱা গৈছিল কেৱল মন্দিৰ নিৰ্মাণৰ খৰচেই হ’ব ৩০০ কোটি টকা। মন্দিৰ নিৰ্মাণৰ এলেকাত নির্মাণ আৰু উন্নয়ণৰ কাম কৰিবলৈ আৰু বহু কোটি টকা খৰচ হ’ব। মন্দিৰ নির্মাণৰ মূল দায়িত্বত আছে অণুভাই সোমপুৰা ।
- Log in to post comments
- 13 views