নৱবৰ্ষত ভাল খবৰ কৰ্মচাৰীলৈ,৮ ঘণ্টাতকৈ অধিক কাম কৰিলে কৰ্মচাৰীয়ে পাব দুগুণ দৰমহা

Pic

*কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেত*

নৱবৰ্ষৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ বাবে দিছে ভাল খবৰ। কোনো প্ৰতিষ্ঠানেই কৰ্মচাৰীক ৮ ঘণ্টাতকৈ অধিক সময় কামত খটুৱাব নোৱাৰিব। কৰ্মচাৰীৰ সময়ৰ শোষণৰ বিৰুদ্ধে কঠোৰ স্থিতি ল’ব কেন্দ্ৰীয় চৰকাৰে। ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা এই নতুন আইন প্ৰযোজ্য হোৱাৰ আশা আছে। কৰ্মচাৰীক ৮ ঘণ্টাতকৈ অধিক সময় কৰ্মত নিয়োজিত কৰিলেই প্ৰতিষ্ঠানে দিব লাগিব দুগুণ দৰমহা। ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা এই নতুন আইন প্ৰযোজ্য হোৱাৰ আশা আছে। ইতিমধ্যে এই ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰেও ৷ মন কৰিবলগীয়া কথা এই যে , ৮ ঘণ্টা কাম কৰাৰ পিছত অতিৰিক্ত ভাবে ১৫ মিনিট কামত খটুৱালেও দিব লাগিব দিনটোৰ দুগুণ দৰমহা। ইতিমধ্যে নতুন আইন প্ৰণয়নৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

Your Comments