নাগালেণ্ডত পুনৰ ৬মাহৰ কাৰণে AFSPAৰ ম্যাদ বৃদ্ধি

Pic

সমগ্ৰ নাগালেণ্ড ৰাজ্যখনকে পুনৰবাৰ ৬ মাহৰ কাৰণে অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ সেয়েহে বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদো ৬ মাহলৈ বৃদ্ধি কৰা হ’ল ৰাজ্যখনত ৷ ।ফলত সেনাবাহিনীয়ে পূৰ্ব জাননী নিদিয়াকৈয়ে ৰাজ্যখনৰ যিকোনো ঠাইতে অপাৰেচন চলোৱাৰ লগতে গ্ৰেপ্তাৰ কৰিব পাৰিব যিকোনো সন্দেহযুক্ত লোকক ৷ এই বছৰৰে ৩০ ডিচেম্বৰৰপৰা পুনৰ বলৱৎ কৰা এই আইনখন বহু আগৰ পৰাই নাগালেণ্ডত বলবৎ হৈ আছে৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰপৰা প্ৰকাশ পোৱা এখন জাননীত এই কথা স্পষ্ট কৰি লিখিছে যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ অঞ্চলটোক অশান্ত আৰু ভয়ংকৰ পৰিস্থিতিৰ মাজত থকা বুলি বিবেচনা কৰি ৰাজ্যৰ অসামৰিক সেৱাৰ সাহাৰ্যাৰ্থে AFSPAৰ ম্যাদ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে ৷ উল্লেখযোগ্য যে ২০১৫চনৰ আগষ্ট মাহৰ ৩ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নগা উগ্ৰপন্থী সংগঠন NSCN-IMৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভা আৰু চৰকাৰী মুখপাত্ৰ আৰ এন ৰবীৰ মাজত হোৱা চুক্তিৰ পিছতো উঠাই লোৱা হোৱা নাছিল নাগালেণ্ডৰপৰা এই আইন ৷

Your Comments