যাত্রীৰ সুবিধার্থে নেচনেল কমন ম’বিলিটী কার্ডৰ সূচনা মোদী চৰকাৰৰ, উদ্বোধন স্বয়ংক্রিয় মেট্র’ৰ

Pic

এয়াৰপ’র্ট এক্সপ্রেছ লাইনত নেচনেল কমন ম’বিলিটি কার্ড চাৰ্ভিছ তথা এনছিএমছি উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷ একেদিনাই দেশৰ প্রথম স্বয়ংক্রিয় মেট্র’ৰ উদ্বোধন কৰে প্রধানমন্ত্রী গৰাকীয়ে। এই অনুষ্ঠানত মোদীয়ে কয় যে, দেশৰ উন্নতিৰ বাবে প্রযুক্তিৰ ব্যৱহাৰ অতি প্রয়োজনীয় ।

দিল্লী মেট্র’ ৰেল কর্প’ৰেচনৰ সূত্রে খবৰ পোৱা অনুসৰি, ন্যূনতম ১৮ মাহ আগত পোৱা ৰূপে ডেবিট কার্ড ব্যৱহাৰ কৰিব পাৰিব মেট্র’ যাত্রীসকলে। দেশৰ যি কোনো প্রান্তৰ যাত্রীসকলে এয়াৰপ’র্ট এক্সচেঞ্জ লাইনত এই কার্ড ব্যৱহাৰ কৰিব পাৰিব। দিল্লী মেট্র’ ৰেল কর্প’ৰেচন তথা ডিএমআৰছিয়ে জনাইছে, দিল্লী মেট্র’ৰ সকলো ফালে এই সেৱা আৰম্ভ কৰা হ’ব ২০২২ চনৰ ভিতৰত।

উল্লেখযোগ্য যে, ভিডিঅ’ কন্‌ফাৰেন্সিঙৰ মাধ্যমত দিল্লী মেট্র’ৰ মেজেণ্ডা লাইনত স্বয়ংক্রিয় মেট্র’ ট্রেইন সেৱা উদ্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । এই সেৱা দেশৰ ভিতৰতেই প্রথম।

Your Comments